ক্লান্তি আৰু অক্সিজেনৰ অভাৱত মৃত্যু দুই এভাৰেষ্ট আৰোহীৰ

Everest

এজন আমেৰিকান আৰু এজন ছুইছ পর্বতাৰোহীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ নামি আহিছে পর্বতাৰোহীসকলৰ মাজত। দুঃখিত সাধাৰণ মানুহো। চাং ডাৱা ছেৰ্পাৰ এটা পোষ্টৰপৰা এই তথ্য জানিবলৈ পোৱা গৈছে। ঘটনাটো ঘটিছে বুধবাৰে সন্ধিয়া। মৃত্যু হৈছে ছুইজাৰলেণ্ডৰ আব্দুল ৱাৰাইচ আৰু আমেৰিকাৰ পুৱেই লিউ নামৰ দুই পর্বতাৰোহীৰ। 

আব্দুল ৱাৰাইচৰ ছাউথ ছামিতৰ সময়তে মৃত্যু হৈছে। জানিবলৈ পোৱা গৈছে, বিপুল ক্লান্তিয়ে গ্রাস কৰিছিল তেওঁক। আব্দুল সাফল্যৰে সৈতে ছামিতত উপস্থিত হ’ব পাৰিছিল কিন্তু নামি অহাৰ সময়ত তেওঁৰ অসুবিধা হ’বলৈ আৰম্ভ কৰে। অক্সিজেন আৰু খাদ্য লৈ দুজন অতিৰিক্ত লোকক লগে লগে পঠিওৱাও হৈছিল তেওঁৰ সাহায্যাৰ্থে। যদিও শেষ পর্যন্ত বিপদ মষিমূৰ কৰিব পৰা নগ’ল। 

আনহাতে, পুৱেই লিউৰ মৃত্যু হৈছে চাৰি নম্বৰ বেছকেম্পত। Camp IV (7900m -S col)-ৰ কাষত। হিলাৰী ষ্টেপ পর্যন্ত তেওঁ যাব পাৰিছিল। তাৰপৰাই নামি আহিছিল তেওঁ। জানিবলৈ পোৱা গৈছে তেওঁ স্নো ব্লাইণ্ডনেছৰ কবলত পৰিছিল। তেওঁৰো গভীৰ ক্লান্তি আৰম্ভ হৈছিল। ফলত স্বাভাৱিকতকৈ যথেষ্ট বেছি সময় লাগিছিল। তেওঁ অতিৰিক্ত অক্সিজেনৰ সহায়তা ল’ব পাৰিছিল কিয়নো অতিৰিক্ত এজন লোকো তেওঁৰ সৈতে সেই সময়ত আছিল। সেই সাহাৰ্যৰ বাবে থকা লোক জনেই  পুৱেই লিউক বুধবাৰে সন্ধিয়া ছাউথ ক’ল পৰ্যন্ত গৈ পাবলৈ সহায় কৰিছিল । কিন্তু তেতিয়াই পুৱেই লিউৰ মৃত্যু ঘটে। 

তেওঁলোক দুজনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে সংশ্লিষ্ট মহলে। খবৰ অনুসৰি, বতৰ মোটামুটি অনুকূল হ’লেই ছেভেন ছামিত ট্ৰেকৰ তৰফৰপৰা দ্রুতভাৱে তেওঁলোকৰ দেহ উদ্ধাৰ কৰা হ’ব। 

Your Comments