বৃদ্ধি মৃত্যুৰ সংখ্যা, সংঘৰ্ষ-উত্তপ্ত গাজাক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ

Unrest ghaza

ইজৰাইল-অধিকৃত গাজা ভূখণ্ড আৰু জেৰুজালেমৰ একাংশত সোমবাৰে হঠাৎ আক্ৰমণ চলাইছিল পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে। এৰা হৈছিল শতাধিক ৰকেট। কিন্তু বিশেষ প্রযুক্তিৰ বলত অধিকাংশ ৰকেটৰ অভিমুখ ঘুৰাই দিয়াত ক্ষয়ক্ষতি হোৱাত যথেষ্ট বাধা দিব পৰা গৈছে ৷ এই আক্ৰমণৰ উত্তৰ দিয়ে ইজৰাইলেও । মঙ্গলবাৰে ৰাতিপুৱাও জাৰি আছিল সেই সংঘর্ষ। 

চিকিৎসালয় সূত্রৰ খবৰ অনুসৰি, এই সংঘর্ষৰ অন্তত ২৬ জন পেলেষ্টাইনী নিহত হৈছে। সোমবাৰে ২০ জনৰ মৃত্যু হৈছিল। যাৰ ভিতৰত ৯ জন আছিল শিশু। ইজৰাইলী সেনাৰ অৱশ্যে দাবী, আক্ৰমণকাৰী হামাছ সন্ত্ৰাসবাদীক উদ্দেশ্যি এই আক্রমণ কৰিছিল তেওঁলোকে। ইজৰাইল চৰকাৰৰ মতে, ২০১৪ চনৰ যুদ্ধৰ পিছত ইমান ডাঙৰ আক্ৰমণ আৰু হোৱা নাছিল। আতঙ্কিত গাজাবাসীয়ে ঘৰ এৰি নিৰাপদ আশ্রয়ৰ সন্ধানত ঘুৰি ফুৰিছে। পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে এই আক্ৰমণৰ দায়িত্ব লৈছে। তেওঁলোকে জনাইছে, ইজৰাইলীৰ দমন-উৎপীড়নৰ উত্তৰ দিবলৈ কৰা হৈছিল এই আক্ৰমণ।

সম্পূৰ্ণ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ৷ জেনেভাত ৰাষ্ট্ৰসংঘৰ মুখপাত্রই সকলো ধৰণৰ সন্ত্রাস বা সন্ত্রাসত উদগনি জনোৱাক নিন্দা কৰে। ইজৰাইল চৰকাৰকো তেওঁ কয়, উক্ত এলেকাৰ বাসিন্দাসকলক বাক্-স্বাধীনতা, জনসমাগম আৰু জনসভাৰ অধিকাৰ দিব লাগিব ইজৰাইলত। তেওঁ কৈছে, শান্তিপ্রিয় বাসিন্দাসকলৰ ওপৰত দমন-উৎপীড়ন চলোৱা অনুচিত। যদি কোনো কঠোৰ পদক্ষেপ ল’ব লগা হয়, লক্ষ্য ৰাখিব লাগিব তাত যেন মানৱাধিকাৰ লঙ্ঘন নহয়। উল্লেখ্য, ইয়াৰ পূৰ্বে আমেৰিকায়ো এই সংঘর্ষ সন্দৰ্ভত উদ্বিগ্নতা প্রকাশ কৰিছিল।

Your Comments