পুনৰ বাতিল ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

British Prime Minister

ব্রিটিছ প্রধানমন্ত্রীৰ ভ্ৰমণত বাৰেবাৰেই আহিছে বাধা।

ভাৰতত ক’ভিডৰ বৃদ্ধিৰ বাবে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনচনৰ ভাৰত ভ্ৰমণ পুনৰ বাতিল হ’ল। সোমবাৰে ব্রিটিছ বিদেশ মন্ত্রালয় সূত্রে এই খবৰ জানিবলৈ পোৱা গৈছে।

এই মাহৰ শেষত ৩ দিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে অহাৰ কথা আছিল বৰিছ। প্রধানমন্ত্রীৰ সৈতে ভাৰত-ব্রিটেইন কূটনীতি , বাণিজ্য আৰু প্রতিৰক্ষা সংক্রান্তীয় আলোচনাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সুৰক্ষাৰ বিষয়টোও তেওঁৰ ভ্ৰমণৰ অন্যতম আলোচ্য বিষয় আছিল বুলি  জনোৱা হৈছিল বিদেশ মন্ত্রালয় সূত্রে।

বিশ্ব জুৰি ক’ৰ’না সংক্রমণ বৃদ্ধি পায় থকাত বৰিছৰ ভ্ৰমণ সূচী বাতিল কৰাৰ কথা অৱশ্যে আগতেই ভবা হৈছিল। ব্রিটেইনৰ প্রধান বিৰোধী দল লেবাৰ পার্টিৰ লগতে ক্ষমতাত থকা দল কনজাৰ্ভেটিভ পার্টিৰ একাংশৰ তৰফৰপৰাও ক’ৰ’না পৰিস্থিতিৰ বাবে বৰিছৰ ভাৰত ভ্ৰমণক লৈ আপত্তি তোলা হয়।

উল্লেখ্য, ইয়াৰ আগতে জানুৱাৰী মাহত বৰিছ ভাৰত ভ্ৰমণত অহাৰ কথা আছিল। গণতন্ত্ৰ দিৱসত তেওঁ 'প্রধান অতিথি' হিচাপে উপস্থিত থকাৰ কথাও আছিল। কিন্তু সেই সময়ত ব্রিটেইনত ক’ভিডৰ কাৰণে বাতিল কৰিব লগা হৈছিল বৰিছৰ ভ্ৰমণ।

Your Comments