'সুধাকণ্ঠ'ৰ সৃষ্টি যুগমীয়া কৰাৰ লক্ষ্যৰে এলানি নতুন দাবী আছুৰ

'সুধাকণ্ঠ'ৰ সৃষ্টি যুগমীয়া কৰাৰ লক্ষ্যৰে এলানি নতুন দাবী আছুৰ

আজি বিশ্ব বৰেণ্য শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯২সংখ্যক জন্মদিন । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰতো প্ৰতি বছৰৰ দৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হয় গণশিল্পীগৰাকীৰ জন্মদিন ।

দীঘলীপুখুৰীপাৰত জীৱিতকালত সুধাকণ্ঠগৰাকীয়ে নিজে উন্মোচন কৰি থৈ যোৱা প্ৰতিমূৰ্তিৰ কাষতে আয়োজন কৰা আছুৰ "উদ্দীপনা" শীর্ষক অনুষ্ঠানটো আৰম্ভ হয় দিনৰ ১০.৩১ বজাত ।

দিনজোৰা কাৰ্যসূচীৰে আছুৰ উদ্যোগত অনুষ্ঠিত "উদ্দীপনা" কাৰ্যসূচী আৰম্ভ হয় শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জ্বালন আৰু মাল্যাৰ্পণেৰে ।

'সুধাকণ্ঠ'ৰ সৃষ্টি যুগমীয়া কৰাৰ লক্ষ্যৰে এলানি নতুন দাবী আছুৰ

উক্ত অনুষ্ঠানটোত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক প্ৰমুখ্য কৰি ভালেসংখ্যক আছুৰ বিষয়ববীয়া আৰু বিভিন্নজন শুভাকাংক্ষী ।

মুখ্য উপদেষ্টাগৰাকীয়ে অনুষ্ঠানৰ শুভাৰম্ভণি কৰি সাংবাদিকৰ আগত কয়, "আমি এতিয়া কাম কৰিব লাগে, প্ৰতিশ্ৰুতি নহয় ৷ কাৰণ প্ৰতি বর্ষতে জন্মদিন আৰু মৃত্যুদিনত ভূপেনদাক লৈ চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে থাকে ৷

কিন্তু বাস্তৱত ৰূপায়িত নহয় ৷ সেইবাবে এতিয়া আমি বিচাৰোঁ প্ৰতিশ্ৰুতি নহয়, কোনদিনাৰ পৰা চৰকাৰে ভূপেনদাৰ নামত দিয়া প্ৰতিশ্ৰুতিবিলাকৰ কাম আৰম্ভ কৰিব তাৰ নিৰ্দিষ্ট দিনহে আমাক জনাব লাগে ।''

তেওঁ লগতে এইবুলিও কয়- ''ভূপেনদা আজি আমাৰ মাজত নাই ৷ কিন্তু আছুৰ এই "উদ্দীপনা" যাত্ৰা এতিয়াও অব্যাহত আছে । নতুন প্ৰজন্মৰ মাজত তেওঁক তুলি ধৰাটো এতিয়া আমাৰ দায়িত্ব ।''

'সুধাকণ্ঠ'ৰ সৃষ্টি যুগমীয়া কৰাৰ লক্ষ্যৰে এলানি নতুন দাবী আছুৰ

তেওঁ লগতে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ সম্পৰ্কত কয়, "আগতে ভূপেনদাৰ গীতবিলাক কেৱল শুনিছিলহে ৷ কিন্তু আজিকালি নতুন প্ৰজন্মই ভূপেনদাৰ গীতবিলাকক লৈ নতুন অৰ্থ বিচাৰি ফুৰিছে আৰু অৰ্থ বিচাৰি পাইছে ।

গতিকে এতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত ভূপেনদাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে বুলিও দাবী জনায় । তেওঁ ভূপেনদাৰ সৃষ্টিৰাজিক বিশ্বৰ বুকুত বিয়পাই দিয়াৰ বাবে ডঃ ভূপেন হাজৰিকাৰ নামত গবেষণা প্ৰতিষ্ঠান চৰকাৰে গঢ়ি তুলিব লাগে বুলিও সোঁৱৰাই দিয়ে ।

ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক ভাৰতবৰ্ষত বিয়পাই দিয়াৰ বাবে তেওঁৰ নামত এখন সাস্কৃতিক ৰে'লগাড়ীও চলাব লাগে বুলি দাবী জনায় সমুজ্জ্বল ভট্টাচাৰ্যই । উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী ৰে'ল ষ্টেচনক ভূপেনদাৰ নামত নামকৰণ কৰিব লাগে বুলিও তেওঁ দাবী জনায় ।

'সুধাকণ্ঠ'ৰ সৃষ্টি যুগমীয়া কৰাৰ লক্ষ্যৰে এলানি নতুন দাবী আছুৰ

আছুৰ উদ্যোগত অনুষ্ঠিত এই উদ্দীপনা অনুষ্ঠানত বিয়লি ৬ বজাৰ পৰা আৰম্ভ হ'ব ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা । আনহাতে, ৰাজ্য চৰকাৰে জালুকবাৰীৰ সমাধিস্থলীত আয়োজন কৰি সুধাকণ্ঠগৰাকীৰ ৯২সংখ্যক জন্মজয়ন্তী ।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা অনুষ্ঠানৰ শুভাৰম্ভ হয় পুৱা ৯ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচীৰে । ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকে সাস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীও ।

মুখ্য মন্ত্ৰীগৰাকীয়ে স্মৃতি তৰ্পণৰ পাছতে অংশগ্ৰহণ কৰে বৃক্ষ ৰোপণ কাৰ্যসূচীত ।

ইয়াৰ উপৰি গণশিল্পীগৰাকীৰ স্মৃতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাজ্য চৰকাৰৰ ফালৰ পৰা আয়োজন কৰা হৈছে ভূপেন্দ্ৰ সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাও ।

Your Comments