৮, ৯ ছেপ্টেম্বৰত নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 

৮, ৯ ছেপ্টেম্বৰত নগাঁৱত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 

মধ্য অসমৰ নগাঁৱৰ কেইগৰাকীমান উদ্যমী ছাত্ৰ তথা চলচ্চিত্ৰপ্ৰেমী যুৱকৰ মিলিত প্ৰচেষ্টাৰে আত্মপ্ৰকাশ কৰা এটি  অনুষ্ঠান "চিনেমালয়ৰ" উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অহা ৮ আৰু ৯ ছেপ্টেম্বৰত নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে নগাঁও আন্ত:ৰাষ্ট্ৰীয় চুটি তথা তথ্যভিত্তিক চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে ।

এই আয়োজনৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ বিশ্বৰ ২০খন দেশৰ পৰা প্ৰায় দ্বিশতাধিক চলচ্চিত্ৰই ইতিমধ্যে পঞ্জীয়ন কৰিছে আৰু মুঠ ৫৫খন নিৰ্বাচিত ছবি এই মহোৎসৱত প্ৰদৰ্শিত হ'ব ।

www.cinemalay.com

মূল অনুষ্ঠানত দেশ-বিদেশৰ কেইবাজনো স্বনামধন্য ছবি পৰিচালক উপস্থিত থকাৰ লগতে অসম তথা ভাৰতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীও উপস্থিত থাকিব । মূলতঃ অসমৰ নৱ-প্ৰজন্মক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে আয়োজিত এই মহোৎসৱত স্বনামধন্য চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে "সমাজত চলচ্চিত্ৰৰ ভূমিকা'' শ্ৰীৰ্ষক এখনি আলোচনা-চক্ৰও অনুষ্ঠিতত হ'ব ।

এই মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কেইবাজনো দেশী-বিদেশী চুটি তথা তথ্যভিত্তিক চলচ্চিত্ৰ "দ্য কেক্ ষ্ট'ৰী (মহাৰাষ্ট্ৰ), 'লিয়াকট' (অসম), 'আইনহ' ৱা'(স্পেইন), 'গতিপথ' (বাংলাদেশ) ইত্যাদি প্ৰদৰ্শিত হ'ব ।

মহোৎসৱত প্ৰদৰ্শিত হ'বলগীয়া ছবিসমূহৰ সময়সূচী তথা মহোৎসৱৰ কাৰ্য্যসূচী www.cinemalay.com ৱেবছাইটত উপলব্ধ হ'ব । এই মহোৎসৱ সফল কৰি তুলিবৰ বাবে উদ্যোক্তাসকলে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ।

এই সন্দৰ্ভত জড়িত হব বিচৰাসকলক ৭০০২০৪৫৮০৩ অথবা ৯৮৩৫০০৬৫৬১ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।
 

Your Comments