কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছোৱানৰ ৭৪ বছৰ বয়সত বিয়োগ

Pasowan

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি সন্ধিয়া  পৰলোকপ্ৰাপ্তি ঘটে কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টী(এলজেপি)ৰ শীৰ্ষ নেতা ৰামবিলাস পাছোৱানৰ।দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা পাছোৱানৰ ৭৪ বছৰ বয়সত বিয়োগ ঘটে।ৰামবিলাস পাছোৱানৰ পুত্ৰ এলজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ চিৰাগ পাছোৱানে টুইট যোগে পিতৃৰ মৃত্যুৰ বিষয়ে সদৰি কৰে।১৯৪৬ চনৰ ৫ জুলাইত বিহাৰৰ খগৰীয়াত জন্ম হোৱা ৰামবিলাস পাছোৱান ৯ বাৰ লোকসভা সাংসদ আৰু ২ বাৰ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হৈছিল।৫০ বছৰতকৈ অধিক আছিল তেওঁৰ ৰাজনৈতিক কেৰিয়াৰ।

Your Comments