বিশ্ববিদ্যালয় অনুদান আয়োগে(UGC)দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ মান বজাই ৰাখিবৰ বাবে ৭ অক্টোবৰত দেশৰ ২৪খন বিশ্ববিদ্যালয়ক 'ভুুৱা' বুলি ঘোষণা কৰে।উল্লেখ্য যে তাৰে অধিকাংশ বিশ্ববিদ্যালয় উত্তৰ প্ৰদেশ আৰু দিল্লীৰ ৷
ইউজিচিয়ে লগতে ঘোষণা কৰে যে এইসমূহ বিশ্ববিদ্যালয়ৰ কোনো ধৰণৰ ডিগ্ৰীৰ প্ৰমাণপত্ৰ দিয়াৰ অধিকাৰ নাথাকিব।
ইউজিচিয়ে স্পষ্ট কৰে যে ইউজিচি আইনৰ ধাৰা ২৩ৰ অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা প্ৰতিষ্ঠিত বা অনুমোদিত শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাহিৰে আন কোনো প্ৰতিষ্ঠানে বিশ্ববিদ্যালয় শব্দৰ প্ৰয়োগ প্ৰতিষ্ঠানৰ নামত কৰিব নোৱাৰিব ৷
- Log in to post comments
- 40 views