নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ দেশৰ ভিতৰতেই অসমত সকলোতকৈ বেছি:এনচিআৰবি

Crime

নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ (NCRB)-এ প্ৰকাশ কৰা তথ্য অনুসৰি নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা অসমত দেশৰ ভিতৰত সকলোতকৈ বেছি।ৰাষ্ট্ৰীয় হাৰতকৈ তিনিগুণ বেছি হাৰত নাৰীৰ  বিৰুদ্ধে অপৰাধ হয় অসমত।

এন.চি.আৰ.বি.ৰপৰা প্ৰকাশিত এই তথ্য অনুসৰি ২০১৯চনটোত অসমত প্ৰতি ১লাখ নাৰীৰ ভিতৰত ১৭৭গৰাকীয়েই অন্যান্য অপৰাধৰ বলি হয় আৰু এই সংখ্যাৰ অধিকাংশ নাৰীয়েই বলি হয় স্বামী বা পৰিয়ালৰ অন্য লোকৰ দ্বাৰা ঘৰুৱা হিংসাৰ ৷

Crime

এগৰাকী চৰকাৰী বিষয়াই নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্যৰ সন্দৰ্ভত মন্তব্য কৰে -"পুলিচ প্ৰশাসন ঘৰৰ ভিতৰততো উপস্থিত থাকিবলৈ নোৱাৰে ৷ ৰাজহুৱা স্থানত হোৱা অপৰাধহে ৰোধ কৰিব পাৰে পুলিচে ৷ সমাজখনৰো কিছুমান দায়িত্ব আছে নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত ৷ এজন পুৰুষে নাৰীক কি দৰে ব্যৱহাৰ কৰিব লাগে, লিংগ সম-অধিকাৰ এইসমূহ ঘৰত শিকোৱা উচিত।"তেওঁ লগতে কয় যে অধিক সংখ্যক গোচৰ পঞ্জীয়ন যোগাত্মক কথা ৷ অধিক সংখ্যক গোচৰ পঞ্জীয়নে ৰাজ্যৰ নাৰীসকলৰ আত্মবিশ্বাস আৰু সৱলীকৰণকে সূচাইছে ৷ তদুপৰি,তেওঁ জনাই যে  পুলিচ বাহিনীক কাঢ়া নিৰ্দেশ দিছে যাতে কোনো গোচৰ পঞ্জীয়ন নোহোৱাকৈ থাকি নাযায় ৷
অসম ৰাজ্যিক মহিলা আয়োগৰ সভানেত্ৰী চিকিমিকি তালুকদাৰে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে ৰাজ্যৰ ক্ৰমবৰ্ধমান নাৰী বিৰোধী অপৰাধ উদ্বেগজনক যদিও থানাত গোচৰ পঞ্জীয়ন কৰাটো শুভ লক্ষণ ৷

Your Comments