পুণেত আৰণ্যেশ্বৰ বস্তিৰ লোকসকলক বানপানীৰ পূৰ্বাভাস পাই ঘৰ খালী কৰাৰ জাননী দিছে প্ৰশাসনে।এফালে ক’ভিড মহামাৰীৰ ত্ৰাস,আনফালে আমবিল অ’ধাৰ বাঢ়নী পানীত প্ৰাণ হেৰুৱাৰ ভয়।২০১৯চনত ২৫চেপ্তেম্বৰৰ একেটা দিনতে আৰণ্যেশ্বৰৰ প্ৰায় ৮৫ টা পৰিয়ালে বসবাস কৰা টাংগেৱালা বস্তিৰ ৭জন লোকে প্ৰাণ হেৰুৱাইছিল এজাক ধাৰাসাৰ বৰষুণত মহাৰাষ্ট্ৰৰ আমবিল অ’ধাৰ নদীৰ বাঢ়ি অহা পানীত।পুণে নগৰপালিকাই লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ লৈছে।
ৱাৰ্ড কাৰ্যালয়ে এই লোকসকল থাকিবৰ বাবে দাতিকাষৰীয়া বিদ্যালয়ত ব্যৱস্থা কৰি দিছে ৷
- Log in to post comments
- 11 views