১৪ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছ এলেকাত ধৰ্ষণৰ বলি হোৱা দলিত সম্প্ৰদায়ৰ এগৰাকী ১৯বছৰীয়া যুৱতীৰ ১৪দিন পিছত মৃত্যু হয় ৷ মৃত্যুৰ কেইদিনমান পূৰ্বে ধৰ্ষিতা যুৱতীগৰাকীয়ে ঘটনাৰ বিবৃতি ল’বলৈ অহা কৰ্তৃপক্ষৰ আগত এই ঘটনাৰ লগত জড়িত ওচৰ-চুবুৰীয়া উচ্চ সম্প্ৰদায়ৰ অপৰাধীকেইটাৰ নাম স্পষ্টভাৱে প্ৰকাশ কৰে৷
যুৱতীগৰাকীৰ মৃত্যুৰ পিছত মৃতদেহ পৰিয়ালৰ মানুহলৈ হস্তান্তৰ কৰাৰ পৰিবৰ্তে উত্তৰপ্ৰদেশ পুলিচে জ্বলাই দিয়াৰ অভিযোগ উঠাৰ লগতে সেই ঘটনা ধৰ্ষণ নাছিল বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হৈছে ৷ তদুপৰি, কোনো লোককে দিয়া হোৱা নাই ভুক্তভোগী পৰিয়ালক লগ কৰিবলৈ ৷ তাৰ বাবে ব্যৱস্থা কৰা হৈছে তিনি শতাধিকৰ আৰক্ষী বাহিনীৰ।ঘটনাৰ সবিশেষ জানিবলৈ যোৱা সাংবাদিক, ৰাজনৈতিক নেতাকে ধৰি সকলোকে শাৰীৰিকভাৱে অপদস্থ কৰাৰ ভিডিঅ’ ৰেকৰ্ডসমূহ বৰ্তমান চাৰিওফালে ভাইৰেল হৈ পৰাৰ পিছত সম্পূৰ্ণ ২৭ঘণ্টাৰ পিছত সংবাদ মাধ্যমক পৰিয়ালৰ লোকক লগ কৰিবলৈ দিয়া হয় ৷
এই ঘটনাৰ বাবে সমগ্র দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে জনসাধাৰণে ৷ কিন্তু এতিয়াও নিৰ্বিকাৰ উত্তৰ প্ৰদেশ চৰকাৰ ৷
- Log in to post comments
- 13 views