সৰ্বাধিক ক'ভিড ৰোগী আৰোগ্য হোৱাৰ দেশৰ স্থান অটুট ভাৰতৰ

Covid 19

২ অক্টোবৰত ভাৰতত ৭৯,৪৭৬ টা নতুন ক’ভিড-১৯ আক্ৰান্তৰ ঘটনা পঞ্জীভুক্ত আৰু মুঠ ক’ভিড ৰোগীৰ সংখ্যা হয়গৈ ৬৪,৭৩,৫৪৫ ৷ আনহাতে,২৪ঘণ্টাত ১,০৬৯ মৃত্যুৰ সৈতে ক’ভিড-১৯ সম্বন্ধীয় কাৰণত মৃত্যুৰ মুঠ সংখ্যা ১,০০,০০০ পাৰ হৈ যায় ৷ এনে পৰিস্থিতি হোৱা পৃথিৱীৰ তৃতীয়খন দেশ ভাৰতবৰ্ষ ৷

উচ্চ সাংখ্যিক আৰোগ্যৰ দ্বাৰা ভাৰতবৰ্ষই বিশ্বৰ সকলোতকৈ অধিক ক’ভিড আক্ৰান্ত ৰোগী নিৰাময় হোৱাৰ স্থান অটুট ৰাখিছে বুলি শুকুৰবাৰে  ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে।

Vaccine

ইয়াৰ লগতে ক’ভিড-১৯ নিৰাময়ৰ বাবে ভেক্‌চিন প্ৰস্তুত-কার্যৰ সৈতে জড়িত হৈ থকা বিশেষজ্ঞই জানিবলৈ দিছে যে ২০২১চনৰ আগত ক’ভিড-১৯ ভেক্‌চিন তৈয়াৰ হৈ ওলোৱাৰ সম্ভাৱনা একেবাৰেই কম ৷

Your Comments