ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা:৭ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী

Narendra Modi

ভাৰতৰ ক'ৰ'না সংক্ৰমণৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পুনৰ বৈঠকত মিলিত হ'ব দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে।অহা ২৩ ছেপ্টেম্বৰত দেশৰ ৭ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোডীৰ।উল্লেখ্য যে দেশত ক'ৰ'না সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহে।কিন্তু,ক'ৰ'না সংক্ৰমিত লোক সন্তোষজনক হাৰত আৰোগ্য হোৱাটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে।

Your Comments