নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলা বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশত নগাঁও বন সংমণ্ডলৰ বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত চলা এটা অভিযানত বন বিভাগৰ লোকে ১৯ আগষ্টৰ পুৱতি নিশা তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে জিলাখনৰ কামপুৰৰ পৰা তিনিখনকৈ ট্ৰাকে অবৈধভাৱে বালি কঢ়িয়াই লৈ নগাঁও চহৰৰ দিশে আহি থকাৰ খবৰ বন বিভাগৰ লোকে গোপন সূত্ৰে লাভ কৰি চহৰখনৰ মৰিকলঙৰ সমীপত অভিযান চলাই এ এছ ২১-৮১২৬ , এ এছ ০৯ এচি ৭৫৬৩ , এএছ ০৯ এচি ২৩৩৭ নম্বৰৰ ট্ৰাককেইখন জব্দ কৰিবলৈ সক্ষম হয়।বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত জব্দ কৰা ট্ৰাককেইখনৰ বন বিভাগৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নাই।উল্লেখ্য,একাংশ বালি ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুত ধূলি দি অবৈধভাৱে নগাঁৱৰ বিভিন্ন ঠাইলৈ বালি সৰবৰাহ কৰি আহিছিল।বন বিভাগে জব্দ কৰা বালিখিনিৰ পৰিমাণ প্ৰায় ১৮ চি এম হ'ব।
- Log in to post comments
- 9 views