দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত চত্ৰাত মঙলবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহটো নলবাৰী সদৰ থানাৰ অন্তৰ্গত নন্দগাঁৱৰ বুলি চিনাক্ত হোৱাৰ পিছত বুধবাৰে পুৱতি নিশা যুৱকজনৰ হত্যাকাৰী এটাক ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীয়ে বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীসহ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে।ধৃত হত্যাকাৰীটো মৃত যুৱকজনৰ প্ৰতিৱেশী গাঁও ভদ্ৰাৰ প্ৰয়াত ৰাধা তালুকদাৰৰ পুত্ৰ যোগেশ তালুকদাৰ (৩৬)।হত্যাকাৰীটোক আটক কৰাৰ লগতে হত্যাত ব্যৱহাৰ হোৱা এ এছ ০১ডি ইউ ১৬৪৯ নম্বৰৰ মাৰুতি ভেনখনো জব্দ কৰে।হত্যাৰ সন্দেহত আটক কৰা যোগেশ তালুকদাৰৰ বিৰুদ্ধে ঘগ্ৰাপাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন অধীনত ১২০(বি) / ৩০২/২০১ ধাৰাত এটা গোচৰ ৰুজু কৰে।উল্লেখ্য যে ঘগ্ৰাপাৰ আৰক্ষীৰ থানাৰ এনে সফলতাৰ সচেতন নাগৰিকসকলে শলাগ লৈছে।
- Log in to post comments
- 149 views