গোলাঘাটৰ ৰঙাজান চুৰিকাণ্ডৰ চাৰিটাকৈ গভাইত চোৰ আটক

Thief

গোলাঘাটৰ প্ৰতিবেদক:

গোলাঘাটত চাৰিটাকৈ গভাইত চোৰ গ্ৰেপ্তাৰ । গোলাঘাটৰ ৰঙাজানৰ ব্যৱসায়িক এলেকাত  ছয় আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিটা চোৰক অঞ্চলটোৰ গাওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে চোৰকেইটাই চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা এ এচ ০ ৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিকআপখনো জব্দ কৰে । এই বলেৰ' গাড়ীখনেৰে চোৰকেইটাই দোকানসমূহৰ চাটাৰৰ ভাঙে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰকেইটা হৈছে জাকিৰ হুচেইন , বুবুল আলি ওৰফে ৰঘু , ইমৰান হুচেইন আৰু ৰাজিবুদ্দিন আহমেদ । দলটোৰ সদস্য বুবুল আলীওৰফে ৰঘু এটা দুধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটোৱে গৰু-ছাগলী,গাড়ী আদিৰ চুৰিৰ ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে অভিযোগ উত্থাপন কৰে ।  উল্লেখযোগ্য যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ এই অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিছিল চোৰৰ দলটোৱে।ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ নামৰ গৃহ নিৰ্মাণ প্ৰতিষ্ঠানখনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী আৰু ৰঙাজান ম'বাইল চেণ্টাৰৰ পৰা লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । তদুুপৰি,সেই নিশা চোৰৰ  দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত  তলা ভাঙিছিল যদিও দুখন প্ৰতিষ্ঠানৰ ভিতৰত চোৰে প্ৰৱেশ কৰি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী  লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ  চিচিটিভি কেমেৰা আছিল যদিও সেই কেমেৰা ভাঙি প্ৰমাণ নাইকীয়া কৰি উধাও হৈছিল চোৰৰ দলটো।

Your Comments