গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
আজি পৱিত্ৰ ভাদমাহৰ ১ তাৰিখ। মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰসমূহত পৱিত্ৰ ভাদমাহত অনুষ্ঠিত হৈ আহিছে নাম মহোৎসৱ। উজনি অসমৰ অন্যতম ধৰ্মীয় পীঠস্থান শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰতো পৱিত্ৰ ভাদ মাহত আয়োজন কৰা হয় নাম মহোৎসৱৰ। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় লক্ষাধিক ভকত- বৈষ্ণৱে অংশগ্ৰহণ কৰে এই নাম মহোৎসৱত। কিন্তু এইবাৰ ম্লান পৰিব ভগৱানৰ চৰণ চুবলৈ অহা সেই আধ্যাত্মিক পৰিৱেশৰ। কাৰণ মহামাৰী ক'ৰ'না ভাইৰাছ। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজেৰেহে হ'ব নাম মহোৎসৱ।নামলৈ অহা সেৱকীয়ে মুখত মাস্ক পিন্ধি অহাতো বাধ্যতামূলক। এবাৰত নামঘৰৰ ভিতৰত ৫০ জন সেৱকীহে সোমাব পাৰিব। সোমাবৰ বাবে প্ৰৱেশ আৰু ওলাবৰ বাবে প্ৰস্থানৰ ব্যৱস্থা কৰিছে। শৰাইৰ বাবে নৈবেদ্য দিয়াসকলে নিৰ্দিষ্ট কৰি দিয়া বৃত্তৰ মাজেদি গৈ নৈবেদ্য দি ওলাই আহিব লাগিব। এইবিৰ ব্যক্তিগতভাৱে কোনো সেৱকীয়ে চাকি জ্বলাব নোৱাৰিব। বিশেষভাৱে সাজু কৰা পাঁচগছ চাকিত তেল দি সেৱা ধৰিব লাগিব। নামঘৰটোৰ বুঢ়াডাঙৰীয়াৰ ওচৰত সেৱা ধৰি বাহিৰলৈ ওলাই আহিব লাগিব। এইবাৰ নামঘৰত বহিব নোৱাৰিব। এইখিনি নিয়ম পালন কৰি আঠখেলীয়া নামঘৰত ঈশ্বৰ দৰ্শন কৰিব পাৰিব সেৱকীসকলে।
- Log in to post comments
- 11 views