গোৱালপাৰাৰ বন্যাৰ্তৰ কাষত ইণ্ডিয়ান আৱাজ ফাউণ্ডেচন

Aw

নিউজ ডেস্ক-
প্ৰতিবছৰে প্ৰলায়ংকাৰী বানত বিধস্ত হয় অসম। প্ৰতিবাৰেই বাৰিষাৰ লগে লগে আপদীয় বানে জুৰুলা কৰে অসমৰ লাখ লাখ গঞা ৰাইজক।চলিত বৰ্ষতো ইয়াৰ ব্যতিক্ৰম নহ'ল।মহামাৰী ক'ৰোনাৰ সামন্তলাৰকৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত চলিল বানৰ সংহাৰী তাণ্ডৱ। এই বানৰ পৰা ৰক্ষা পাবলৈ কোনোজনে যদি পদপথত আশ্ৰয় ল'বলগীয়া হৈছে আন কোনোজনে আকৌ এতিয়াও আশ্ৰয় লৈ আছে বিদ্যালয়ৰ চৌহদতে।Azw


বানৰ এই বিভিষিকাৰ মাজতেই ইণ্ডিয়ান আৱাজ ফাউণ্ডেচনে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ।সংস্থাটোৱে গোৱালপাৰা জিলাৰ প্ৰায় ১০০টা পৰিয়ালৰ মাজত বিতৰণ কৰে সাহায্য সামগ্ৰী।চলিত বৰ্ষৰ বান বিভীষিকাই অসমৰ অন্যান্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বিস্তৰ ক্ষতিসাধন কৰে।বিশেষকৈ বলদমাৰী চৰ অঞ্চলত বানে ধাৰণ কৰে ব্যাপক সংহাৰী ৰূপ।যাৰ বাবে সংস্থাটোৱে অঞ্চলটোৰ প্ৰায় ১০০টা পৰিয়ালক প্ৰয়োজনীয় ৰেচন সামগ্ৰী যোগান ধৰে। ইয়াৰোপৰি মহামাৰী ক'ৰোনাৰ পৰা হাত সাৰিবলৈও সংস্থাটোৱে বৰ্নাত্যৰ মাজত বিতৰণ কৰে মাক্স আৰু চেনিটাইজাৰ। সংগঠনটোৰ এই বাদান্যতাক সকলোৱে একেমুখে ভূষসী প্ৰশংসা কৰে।

Your Comments