নগাঁৱৰ বেবেজীয়া-ঘাঁহী গড়কাপ্তানি পথ মৰণ ফাণ্ডত পৰিণত

Nagaon

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ 'ছাইড বাম'ৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে।অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ।অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও পথটোৰ ছাইড বামৰ উন্নীতকৰণ হোৱা নাছিল।কেৱল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে । যাৰ পৰিণাম এতিয়া ভোগ কৰিবলগীয়া হৈছে বেবেজীয়াৰ উপৰি মাহৰিআটী,ঘাঁহী,জাগীয়াল,  দক্ষিণপাট,বৰজহা,ম'হমৰীয়া, কৃষ্ণাইখাট,বিহুচোৱাবৰ,ৰঙাচিলা,  হাতীগড়,বালিগাঁও,বৰক'লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে।পথটোৰ ছাইড বামৰ উন্নীতকৰণ নকৰাৰ ফলত সম্প্ৰতি সৃষ্টি হৈছে কিছু প্ৰকাণ্ড গাঁতৰ । বাৰিষা সেই গাঁতসমূহ হৈ পৰিছে কদৰ্যময় । যাৰ ফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হয় পথচাৰী । কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও । বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া ৰে'ল ক্ৰছিঙৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ ছাইড বাম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে । এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । অৰ্দ্ধ শতাধিক লোকৰ জীৱন হৈ পৰিছে পঙ্গু । কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন, ঐতিহাসিক কীৰ্তিচিহ্ন,ৰে'ল ষ্টেচন,ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই গড়কাপ্তানি বিভাগৰ । সম্প্ৰতি স্থানীয় ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ ছাইড বামৰ উন্নীতকৰণৰ বাবে নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ পদক্ষেপলৈ আশাৰে বাট চাই ৰৈছে ।

Your Comments