নলবাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

Nalbari

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবীত পুনৰ আৰম্ভ হৈছে প্ৰতিবাদী কাৰ্যসূচীৰ।এইবাৰ অসম জাতিয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল হ’ল নলবাৰীৰ ৰাজপথ।'কা’ বাতিল আৰু ‘ই আই এ’ প্ৰত্যাহাৰ কৰাৰ দাবীত নলবাৰীত সোমবাৰে যুৱ-ছাত্ৰ পৰিষদে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে।

নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগ প্ৰতিবাদমুখৰ কৰি তোলে তিনি শতাধিক যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মী-সমৰ্থকে। নৰেন্দ্ৰ মোডী হায় হায়,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে।

Your Comments