দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গুৱাকুছি গাঁৱৰ প্ৰতিভাৱান ছাত্ৰী মাইনুমনি চুলতানা (২০)ৰ দেওবাৰে দিনৰ ১১-০০ বজাত হোৱা অকাল মৃত্যুত গাঁও তথা সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।উল্লেখ্য যে গুৱাকুছি গাঁও নিবাসী তথা বড়িগোগ বনভাগ সংহত শিশু উন্নয়ণ প্ৰকল্প কাৰ্যালয়ৰ কাৰ্যালয় সহায়ক চোহৰাব আলী আৰু মনোৱাৰা বেগমৰ কনিষ্ঠ কন্যা মাইনুমনি চুলতানাই প্ৰায় ডেৰ বছৰ পূূৰ্বৰ পৰা এটা জটিল ৰোগত ভুগি আছিল।পৰিয়ালৰ লোকে বহু আৰ্থিক সমস্যাৰ মাজতো বহিঃৰাজ্যৰ চিকিৎসালয়ৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো কন্যা মাইনুমনিক চিকিৎসা কৰি আহিছিল।বহিঃৰাজ্যৰ চিকিৎসালয়ত মাইনুমনিৰ মূৰত অস্ত্ৰোপচাৰ কৰি অহাৰ পিছত কিছু সুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল যদিও তিনিদিন পুৰ্বে স্বাস্থ্যৰ কিছু অৱনতি ঘটাত শনিবাৰে পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকৰ ওচৰলৈ নিছিল । কিন্তু অৱশেষত যুঁজি যুঁজি আজি নিজ গৃহতে মৃত্যুৰ সৈতে হাৰ মানিলে মাইনুমনিয়ে।স্কুলীয়া দিনৰে পৰা তেওঁ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ ছাত্ৰী আছিল।স্থানীয় শিলপোতাবৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু নলবাৰী অসম ভেলী জুনিয়ৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত মাইনুমনিয়ে ভাল ফলাফল দেখুৱাইছিল । প্ৰাক্তন ছাত্ৰীগৰাকীৰ মৃত্যুত শিক্ষানুষ্ঠানকেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকে গভীৰ শোক প্ৰকাশ কৰিছে । বিয়লি ৪-৩০ বজাত গুৱাকুছি ৰাজহুৱা কবৰস্থানত ধৰ্মপ্ৰাণ তথা গুণমুগ্ধসকলৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয়।
- Log in to post comments
- 100 views
