বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত দেওবাৰে ধলপুৱাতে বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনী আৰু অভয়াপুৰী বনাঞ্চলিক বিষয়া আৰু বন কৰ্মচাৰীৰ দলে জিলাখনৰ মেৰেৰচৰ পুলিচ থানাৰ অন্তৰ্গত পূৰ্ব জপেয়া নামৰ ঠাইত এটা যৌথ অভিযান চলায়।এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা এই অভিযানকালত অভিযানকাৰী দলে এটা অবৈধ কাঠ ফলা কল উৎখাত কৰে ৷ লগতে জব্দ কৰে বুজনসংখ্যক কাঠৰ কুণ্ডা। পিচত উক্ত কাঠখিনি আৰু কাঠ ফলা কলটো অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয় । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য অনুমানিক ৮০ হাজাৰ টকা হ'ব। উল্লেখ্য যে চোৰাং কাঠৰ সৰবৰাহত জড়িত দুস্কৃতিকাৰী তথা কাঠফলা কল স্থাপন কৰা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে তদন্ত চলাই আছে।
- Log in to post comments
- 12 views