আদালতৰ কাম-কাজ স্বাভাৱিক কৰাৰ দাবী:বঙাইগাঁৱত উকীল সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Bongaigaon

বঙাইগাঁঁৱৰ প্ৰতিবেদক:

উত্তৰ পূৰ্বাঞ্চল বাৰ কাউন্সিল তথা সদৌ অসম উকীল সন্থাৰ আহ্বানত কোভিড- ১৯ ৰ পৰিপ্ৰেক্ষিতত সাৱধানতা অৱলম্বনৰ নামত ৰাজ্যখনৰ আদালতসমূহৰ নিয়মীয়া কাম-কাজ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত তথা দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু চৰকাৰী অধিসূচনাসমূহ বৰ্তাই ৰাখি অনতিপলমে আদালতসমূহৰ স্বাভাৱিক কাম- কাজ মুকলি কৰাৰ দাবীত বৃহস্পতিবাৰে বঙাইগাঁও উকীল সন্থাৰ অধিবক্তাসকলে বঙাইগাঁও ন্যায়িক আদালতৰ সন্মুখত এঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে জিলা উকীল সন্থাৰ সভাপতি হৰেশ্বৰ দাসে বক্তব্য প্ৰদান কৰি বৰ্তমান অধিবক্তাসকলে মুখামুখি হোৱা শোচনীয় আৰ্থিক পৰিস্থিতিৰ বিষয়ে বহলাই ব্যাখ্যা কৰে।তেওঁ কয় যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণজনিত পৰিস্থিতিতো যিসময়ত কাৰ্যপালিকাৰ অন্তৰ্গত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান খোলা ৰাখিব পাৰিছে আৰু বেংক,বীমা কোম্পানীসমূহ,বজাৰকে আদি কৰি সকলো প্ৰতিষ্ঠানে ৰাইজৰ কাম- কাজ চলাই লৈ যাব পাৰিছে,তেনেক্ষেত্ৰত আদালতসমূহৰ স্বাভাৱিক কাম-কাজ বন্ধ ৰখাৰ উদ্দেশ্যই হ'ল ন্যায় বিচাৰি অহা নাগৰিকক বঞ্চিত কৰি ৰখাৰ এটা ষড়যন্ত্ৰহে মাথো।এনে ব্যৱস্থা অধিক দিন চলি থাকিবলৈ সাধাৰণ মানুহৰ ন্যায়পালিকাৰ প্ৰতি আস্থা নাইকিয়া হ'ব বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে।প্ৰতিবাদী কাৰ্যসূচীত জ্যেষ্ঠ অধিবক্তা ধীৰেন নাথ,জয়শ্ৰী বৰুৱা,ধ্ৰুৱজ্যোতি মুখাৰ্জী আৰু সমাজ সেৱক প্ৰভাত বৈষ্ণৱেও বক্তব্য প্ৰদান কৰে৷উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সভাপতি আৰু সম্পাদক স্বাক্ষৰিত এখন স্মাৰকপত্ৰ জিলা সত্ৰ ন্যায়াধীশৰ জৰিয়তে মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰে।

 

Your Comments