ধোপৰগুৰি সত্ৰৰ মূল কীৰ্তনঘৰৰ শিলান্যাস সম্পন্ন

Hazo

হাজোৰ প্ৰতিবেদক:

বৃহস্পতিবাৰে হাজো ধোপৰগুৰি সত্ৰত অসম দৰ্শন আঁচনিৰ অধীনত কীৰ্তনঘৰৰ পুন:নিৰ্মাণৰ শিলান্যাস কৰা হয় | ২০১৯-২০২০ বৰ্ষৰ বাজেটত ধাৰ্য কৰা অসম দৰ্শন আঁচনিৰ ১০ লাখ টকা বিত্ত বিভাগে মোকলাই দিয়াত ধোপৰগুৰি সত্ৰৰ কীৰ্তনঘৰৰ পুন:নিৰ্মাণৰ শিলান্যাস কাৰ্যসূচী অনুষ্ঠিত কৰা হয় | ধোপৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ সুৰেণ মহন্ত, গায়ন-বায়নৰ উপস্থিতিত আয়তীৰ উৰুলিত শিলান্যাস কৰে নিৰ্মাণ সমিতিৰ সভাপতি তথা কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত টংকেশ্বৰ দাসে | এই অনুষ্ঠানত কামৰূপ জিলাৰ জ্যেষ্ঠ পৰিকল্পনা বিষয়া কালিচান্দ সেন, ধোপৰগুৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান মুখ্য বন সংৰক্ষক আৰু প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকাৰ, সম্পাদক নৃপেন কলিতাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া, হাজো ৰাইজ সমিতিৰ সভাপতি গোলক চন্দ্ৰ ওজা, হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে | তদুপৰি,সত্ৰ উন্নয়ন আঁচনিৰ অধীনতো পূৰ্বতে অনুমোদিত ২৬.৫৭ লাখ টকাৰ ভিতৰত ১১ লাখ টকা ইতিমধ্যে মোকলাই দিয়াত  সত্ৰ প্ৰাঙ্গণত এটা সভাগৃহ নিৰ্মাণ কৰা হৈছে | সত্ৰ উন্নয়ন আঁচনিৰ অধীনৰ বাকী ১৫.৫৭ লাখ টকাৰে ভাজঘৰ আৰু সামূহিক ভোগ ঘৰ নিৰ্মাণ কৰা হ'ব| সত্ৰ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা নিৰ্মাণ সমিতিৰ সভাপতিৰ দায়িত্বত আছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক | বিগত বৰ্ষৰ বাজেটত ধাৰ্য কৰা ধনৰাশি মোকলাই দিয়াত হাজোৰ সচেতন ৰাইজৰ লগতে সত্ৰৰ ভকত- বৈষ্ণৱে আদৰণি জনাইছে |

Your Comments