৩৫ বছৰে উপেক্ষিত ঘগ্ৰাপাৰৰ অসম আন্দোলনৰ নেতা নাউধন ডেকা:খবৰ ল'বলৈ আহৰি নাই মন্ত্ৰী পাটোৱাৰী-প্ৰাক্তন সতীৰ্থৰ

Naudhon Deka

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলা ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁও নিৱাসী তথা একালৰ অসম আন্দোলনৰ নেতা নাউধন ডেকাই বৰ্তমান কেবাটাও ৰোগত আক্রান্ত হৈ বিচনাতে পৰি আছে যদিও আজিলৈ স্থানীয় বিধায়ক-মন্ত্ৰী আৰু প্ৰাক্তন সতীৰ্থসকলে খবৰ ল'বলৈ আহৰি নোপোৱাত ব‍্যথিত হৈ পৰিছে তেওঁৰ পৰিয়াল।উল্লেখ‍্য যে হাইস্কুলীয়া জীৱনতে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ সৈতে জড়িত হৈ নাউধন ডেকাই নলবাৰী জিলাৰ সমান্তৰালভাৱে ঘগ্ৰাপাৰতো জাতীয়তাবাদী শিবিৰক এখোজ আগবঢ়াই নিবলৈ আগভাগ লৈছিল।ডেকাই ১৯৭৯ চনৰ ১৯৮৪ লৈকে অসম আন্দোলনত সক্ৰিয়ভাৱে জড়িত হৈ আন্দোলনত জপিয়াই পৰাত ১৫ দিন জে'লত থাকিব লগাৰ হোৱাৰ উপৰিও সেইসময়ছোৱাত কেইবাৰো আৰক্ষীৰ হাতত শাৰীৰিকভাৱে নিৰ্যাতিত হ'বলগীয়া হৈছিল।১৯৮৩-১৯৮৫ চনলৈ ঘগ্ৰাপাৰ 'আছু'ৰ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰি সংগঠনটোক বহুখিনি আগুৱাই নিয়া ডেকাই ১৯৮৩-৮৪ চনত নলবাৰী কলেজত ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদক হিচাপে থাকি কলেজীয়া জীৱন পাৰ কৰিছিল।অসম চুক্তিৰ পিছত ১৯৮৫ চনত অসম আন্দোলনকাৰীসকলৰ নেতৃত্বত গঠন হোৱা অসম গণ পৰিষদ দলৰ এজন  সক্ৰিয় নেতা হিচাবে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। উল্লেখ‍্য যে সেই সময়তে নলবাৰী সমষ্টিৰ পৰা  বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰিত্ব লাভ কৰা প্ৰয়াত নগেন শৰ্মা,একে সময়ৰ মন্ত্ৰী তথা বৰ্তমান অগপ-বিজেপিৰ মিত্ৰজোঁঁট চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ ঘগ্ৰাপাৰৰ অসম আন্দোলনৰ গুৰি ধৰোতা নাউধন ডেকা আজি চৰকাৰীভাৱে সকলো দিশৰ পৰা উপেক্ষিত হৈ আহিছে। উল্লেখ‍্য যে নাউধন ডেকাই সদৌ অসম ছাত্র সন্থাৰ পৰা ১৯৮১ চনতে পোৱা শ্বহীদ আৰু      নিৰ্যাতিতৰ প্ৰমাণ-পত্ৰ আৰু নলবাৰী জিলা উপায়ুক্ত কাৰ্যলয়ৰ পৰা চৰকাৰীভাৱে পোৱা নিৰ্য্যাতিতৰ প্ৰমাণ-পত্ৰ দুখন বুকুত বান্ধি লৈ পৰিৱৰ্তনকামী বিজেপি-অগপ মিত্ৰজোঁট চৰকাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা কিবা সঁহাৰি পোৱাৰ আশাৰে বাট চাই আছে। অৰ্থৰ অভাৱত নিজৰ চিকিৎসা ল'বলৈ নোৱাৰা ডেকাৰ  দুই পুত্ৰ সন্তানেও  টকা-পইচাৰ অভাৱত আধৰুৱাকৈ শিক্ষা গ্ৰহণ কৰি আনৰ দোকানত কাম কৰি পিতৃ -মাতৃক  কোনো মতে ভৰণপোষণ দি আহিছে। শেহতীয়াভাৱে অৰ্থৰ অভাৱত ডেকাৰ স্থাস্থ‍্যৰ অৱনতি ঘটি বিচনা আৰু ঘৰৰ সম্মুখত থকা ৰাজহুৱা শিৱ মন্দিৰতটোৰ বাকৰিত শুই-বহি  অতীত সুঁঁৱৰি আছে যদিও একালৰ সতীৰ্থ তথা বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,নলবাৰী বিধায়ক অশোক শৰ্মা,নলবাৰীৰ নবীন শ-প্ৰবীণ জাতীয়তাবাদী নেতা, নলবাৰী জিলাৰ অগপ, প্ৰাক্তন সতীৰ্থসকলে ডেকাৰ খবৰ ল'বলৈ আহৰি পোৱা নাই বুলি তেওঁৰ পত্নীয়ে ক্ষোভ প্ৰকাশ কৰে।ডেকাৰ পত্নীগৰাকীয়ে বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰখনে নিৰ্যাতিত  পৰিয়ালটোক কি দিলে বুলি প্ৰশ্ন কৰে। নেতাগৰাকী বিগত ১৫ বছৰ ধৰি চৰকাৰীভাৱে অথবা সতীৰ্থবৃদ্ধৰ দ্বাৰা উপেক্ষিত হোৱাত  বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠনে জাঙুৰ খাই উঠিছে।একালৰ ঘনিষ্ঠ তথা অসম মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাউধন ডেকাৰ পৰিয়ালটোক জীয়াই থকাৰ পথ এটি দিব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে।

 

Your Comments