সাধাৰণ ৰোগৰ ঘৰুৱা চিকিৎসা

ডা: মনোজ কুমাৰ শইকীয়া

ডা: মনোজ কুমাৰ শইকীয়া

(১) হঠাতে মূৰ ঘূৰাই চকুৰে অন্ধকাৰ দেখিলে দুয়োখন কাণসহ মূৰত হাতৰ তলুৱাৰে চাপ দিলে মূৰঘূৰণি বন্ধ হয় ।

(২) কণ্ঠনলীত হঠাতে সুৰসুৰণি উঠিলে কিছুসময় কাণ দুখন হাতেৰে ধৰি টানি ৰাখিলে সুৰসুৰণি নোহোৱা হয় ।

(৩) ইঞ্জেকচন দিয়াৰ সময়ত কাহ এটা মাৰিলে বিষ অনুভৱ নহয় ।

(৪) চৰ্দি লাগি নাক সোপামাৰি ধৰিলে বা মূৰ বিষালে, জিভাৰে ওপৰৰ তালুত হেঁচা দিব । একে সময়ত দুয়ো ভ্ৰুৰ মাজত মধ্যমা আঙুলিৰে ১৫-২০ ছেকেণ্ড হেঁচি ধৰিব । এইদৰে কে'বাবাৰো কৰিব । লগে লগে আৰাম পাব ।

(৫) অনিদ্ৰাত ভুক্তভোগী ব্যক্তিয়ে নিতৌ এটা ডালিম খালে ভাল টোপনি আহে । বিছনাৰ শিতান উত্তৰ দিশত ৰাখি শুলে ভাল টোপনি হয় । নাইবা শোৱাৰ সময়ত এগিলাচ কুহুমীয়া গাখীৰ খালেও টোপনি ভাল হয় ।

(৬) দিনে এটা আপেল খালে কোষ্ঠকাঠিন্য নোহোৱা হয় । আপেলত ছৰ্বিটল থকা বাবে শৌচ খোলোচা কৰাত সহায় কৰে ।

(৭) কেতিয়াবা ফোঁহা উঠিলে গেথেলা মাৰি থাকে আৰু অসহ্য বিষ হয়‌‌ । কলমৌ পটাত পিহি লৈ ফোঁহাৰ ওপৰত প্ৰলেপ দিলে সোনকালে পকি ফাটি যায় আৰু তৎক্ষণাত উপশম পায় ।

(৮) ভৰিত শামুকীয়া বা কৰ্ণ হ'লে এটকাতে ভাল কৰিব পাৰি । চূণ আৰু চ'দা সমপৰিমাণে লৈ পেষ্ট বনাই শামুকীয়াত লগাই ৰাখিলে মৰা কোষ এৰাই পৃথক হয় আৰু নতুনকৈ কোষেৰে পৰিপূৰ্ণ হয় ।

(৯) হঠাতে হিকতি আহিলে ৪-৫টামান জালুক কঠাসিয়া বেজীত বা তাঁৰত সুমুৱাই আধাপোৰা কৰি ধোঁৱা ওলাব দিব । এই ধোঁৱা নাকৰে কেইবাৰমান উজাই ল'লে তৎক্ষণাত হিকতি বন্ধ হয় ।

(১০) কাণত পোক সোমালে গ্লিছাৰিণ অথবা গাঢ়কৈ বনোৱা নিমখৰ পানী কাণৰ ফুটাত সম্পূৰ্ণকৈ ঢালি দিব । মৃত বা জীৱিত পোক ওপৰলৈ ওপঙি আহিব‌ ৷ তেতিয়া সহজে আঁতৰাব পাৰিব ।

(১১) গৰমৰ দিনত ৰ'দত কাম কৰি থাকোঁতে কোনো ব্যক্তি মূৰ ঘূৰাই পৰিলে এক লিটাৰ কুহুমীয়া পানীত ডেৰ-দুই চামুচ নিমখ গুলি খুৱাই দিব । লগে লগেই আৰাম পাব । গৰমৰ কাৰণে হোৱা ডিহাইড্ৰেচন বা শৰীৰৰ জলশূন্যতাৰ কাৰণে এইদৰে আক্ৰান্ত হয় । 
সাধাৰণতে গৰমৰ দিনত স্কুলীয়া ছাত্র-ছাত্ৰী প্ৰায়েই মূৰ ঘূৰণিত আক্ৰান্ত হয়‌‌‌ । শিক্ষকসকলে ভয় নাখাব, লগে লগে নিমখ পানী খুৱাব ।

(১২) ডিঙিত মাছৰ কাঁইট লাগিল, ওচৰত ডাক্তৰ নাই কাঁইট উলিয়াই আনিবলৈ । বিচলিত নহ'ব, নেমু এচিটা এচিটাকৈ চোবাই ৰস খাওক । কিছুসময় পিছত কাঁইট কোমল হৈ ছিগি যাব । মাছৰ কাঁইট কেলচিয়ামেৰে গঠিত ৷ অন্যহাতে, নেমুৰ ৰসত এছকৰ্বিক এচিড থাকে । এছকৰ্বিক এচিডে কেলচিয়াম গলাব আৰু ক্ষয় নিয়াব পাৰে । সেয়েহে নেমুৰ ৰসে মাছৰ কাঁইট গলাই সহজে ছিঙিব আৰু আপুনিও ৰক্ষা পাব ।

(১৩) বৰল, মৌমাখি বা কোদোৱে বিন্ধিলে বৰকৈ বিষায় । পিয়াঁজ পিহি প্ৰলেপ দিলে বিষ কমে ।

(১৪) ৰসগোল্লা খালে কেতিয়াবা খাদ্যনলীত সোপামাৰি লাগি ধৰে বাবে কথা ক'ব নোৱাৰে ৷ আনকি শ্বাস-প্ৰশ্বাস ল'ব নোৱাৰা হয় । সেয়েহে ৰসগোল্লা খোৱাৰ আগতে পানী খাব আৰু অলপ অলপকৈ ৰসগোল্লা খাব ।

(১৫) সৰু ল'ৰা-ছোৱালীয়ে বগৰী, জলফাই, শিলিখা, খেজুৰ আদি খাওঁতে কেতিয়াবা গুটি গিলি দিয়ে আৰু কণ্ঠনলীত লাগি ধৰে । ভৰি দুটাত ধৰি মূৰটো তললৈ ৰাখিব আৰু এজনে পিঠিত জোৰেৰে চপৰিয়াই দিব । গুটি মুখেৰে ওলাই আহিব ।

(১৬) নাকৰ পৰা হঠাতে তেজ ওলালে পিয়াঁজৰ ৰস কেইটোপালমান নাকৰ ফুটাত দিলে তেজ ওলোৱা বন্ধ হয় । শৰীৰৰ আন অংশৰ পৰা তেজ ওলালেও পিয়াঁজৰ ৰস ব্যৱহাৰ কৰিব পাৰে ।

(১৭) পুৰণি ডিছেন্ট্ৰী, ডায়েৰিয়া, কলাইটিচ ৰোগীয়ে প্ৰতিদিনে এটাকৈ পকা বেলৰ চৰ্বত ১০-১৫ দিন খালে এই ৰোগ ভাল হয় ।
(১৮) জিভা কামোৰ খোৱা অথবা মুখৰ ভিতৰত হোৱা যিকোনো ধৰণৰ ঘা সোনকালে শুকুওৱাৰ লগতে বিষ উপশমৰ কাৰণে মৌ ৪ ঘণ্টাৰ অন্তৰত লগাব ।

(১৯) গৰ্ভৱতীয়ে সদায় ৫-৬টা খেজুৰ খালে প্ৰসৱোত্তৰকালীন ৰক্তস্ৰাৱ হোৱাৰ সম্ভাৱনা নাথাকে ।

(২০) পুৱা খালিপেটত ৪-৫ ফুটা নহৰু বাকলিসহ গিলি খালে, ২ কাপ চাহ খালে আৰু ২টাকৈ কল খালে উচ্চ ৰক্তচাপ, হৃদৰোগ হ'ব নোৱাৰে ।

ফোন- ৯৪৩৫২-০৯৭০৪

উৎসঃ SWASTHYA- THE HEALTH SOLUTION (Facebook Group)

Your Comments