সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ।
আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ওদালগুৰি দুৰ্গা মন্দিৰ প্ৰাঙ্গণত বিজেপি চৰকাৰৰ বিৰুদ্ধে নানা শ্লোগান দি ওদালগুৰিৰ আকাশ-বতাহ কঁপাই তোলে । ওদালগুৰি জিলা কৃষক মুক্তিৰ সভাপতি দীপক শৰ্মা, সম্পাদকদ্বয় পংকজ অসমীয়া আৰু সৎৰাম বড়াৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদস্থলীত কৃষক মুক্তিৰ
সাংগঠনিক সম্পাদক মানিক লস্কৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলাৰ উপদেষ্টা হিমাংশু ডেকা, সভাপতি কণ্ঠ দাস, জিলা আক্ৰাছুৰ সভাপতি হেমন্ত বড়া, জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সম্পাদক মকচেদ আলী, ওদালগুৰি জিলা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সম্পাদক অৰুণ শইকীয়া, জ্যেষ্ঠ নাগৰিক
ক্ৰমে গোবিন্দ ডেকা, গংগা শৰ্মা, সমাজকৰ্মী শ্যাম ৰায় বৰুৱা, গায়ত্ৰী ভট্টৰায় আদি ব্যক্তি উপস্থিত থাকি বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰে ।
- Log in to post comments
- 23 views