বঙাইগাঁৱৰ প্ৰতিবেদক:
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১ জুলাইত বঙাইগাঁৱত চিপিআই(এম)ৰ বঙাইগাঁও জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।উল্লেখ্য যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিগত এমাহ ধৰি ক্ৰমাগতভাৱে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ঘটাই থকাৰ প্ৰতিবাদত চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি আহ্বান জনোৱা বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে দলটোৰ বঙাইগাঁও জিলা সমিতিয়েও বঙাইগাঁও চহৰৰ তিনিটাকৈ পেট্ৰ'ল পাম্পৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।বিক্ষোভকাৰীসকলে হাতে হাতে বেনাৰ , প্লে'কাৰ্ড লৈ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়,বয়-বস্তুৰ আকাশলংঘী মূল্যবদ্ধি ৰোধ কৰক,কৰ্প'ৰেটৰ দালাল বিজেপি চৰকাৰ হায় হায় আদি শ্ল'গানো দিয়ে।ইফালে,চিপিআই(এম)ৰ জিলা সমিতিয়ে এটা প্ৰেছ টোকাত কয় যে ক'ৰ'না ভাইৰাছ সংক্ৰমিত ক'ভিড- ১৯ জনিত বিত্তীয় পকিস্থিতিৰ জোৰা মৰাৰ নামত ৰাজ্য চৰকাৰে পেট্ৰ'লৰ প্ৰতি লিটাৰত ৮৫ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৭৯ টকা আৰোপ কৰিছে।যিটো সময়ত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য শূন্য ডলাৰলৈ অৱনমিত হৈছ,তেনেক্ষেত্ৰত কৰ সংগ্ৰহৰ বাবে গ্ৰহণ কৰা এনে নীতিৰ ফলত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈয়ে ক্ষতিগ্ৰস্থ হৈছে।বিশেষকৈ এই মুহূৰ্তত ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বজাৰত হুৰ হুৰাই বৃদ্ধি পাবলৈ ধৰিছে।এনেক্ষেত্ৰত অটো, টেম্প',ট্ৰাক তথা বাছৰ ক্ষুদ্ৰ গৰাকীসকল প্ৰভূত লোকচানৰ সন্মুখীন হৈছে।লকডাউনজনিত বিত্তীয় পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কেৱল পেট্ৰ'ল-ডিজেলৰ নিচিনা জনসাধাৰণৰ সকলো অংশৰ মানুহৰ সততে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটাই ৰাজকোষ টনকিয়াল কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত চূড়ান্ত হঠকাৰী বুলিও চিপিআই(এম)-এ অভিহিত কৰি ইয়াক তাৎক্ষণিকভাৱে পুনৰ বিৱেচনা কৰি মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ দাবী জনায়।উল্লেখ্য যে এই প্ৰতিবাদী কাৰ্যসূচী বিজনী আৰু মাণিকপুৰতো পালন কৰা হয়।
- Log in to post comments
- 10 views