ৰঙিয়াত পুনৰ কভিড১৯ত আক্ৰান্ত যুৱক

Corona

ৰঙিয়াৰ প্ৰতিবেদক :

ৰঙিয়াৰ নিকটৱৰ্তী কৰৰা গাওঁত এজন যুৱকৰ দেহত মহামাৰী কৰুণা ভাইৰাছৰ বীজাণু চিনাক্ত কৰা হৈছে। আকাশ জ্যোতি শালৈ ওৰফে বুলন শালৈ ( বয়স ১৯) নামৰ যুৱক জনৰ দেহত উদ্ধাৰ হয় এই বীজাণু। উল্লেখ্য যে গুৱাহাটীৰ এটা চাইকেল ফেক্টৰীত কৰ্মৰত আছিল আক্ৰান্ত যুৱকজন । জানিব পৰা মতে যোৱা ২৬ জুনত  যুৱক জনে তেজৰ নমুনা প্ৰদান কৰি ৰবিবাৰে ৰঙিয়াস্থিত ঘৰলৈ  উভতিছিল। এই সময়খিনিৰ ভিতৰতে যুৱক জনে পৰিয়ালৰ সদস্য সকলৰ সংস্পৰ্শলৈ অহাৰ লগতে  ওচৰ চুবুৰীয়া তথা বহু বন্ধু বৰ্গকো লগ কৰিছিল।গুৱাহাটীৰ মিৰ্জাস্থিত পতঞ্জলি কোভিড হস্পতাললৈ প্ৰেৰণ কৰা হৈছে যুৱকজনক। উল্লেখ্য যে আজিৰ দিনটোতে ৰঙিয়াত দুগৰাকী আৰক্ষীকে ধৰি মুঠ চাৰিগৰাকী আক্রান্ত লোকক চিনাক্ত কৰা হয়।

Your Comments