দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বানে কাল ৰূপ ধাৰণা কৰাত ৰাইজৰ আলৈ -আথানি নোহোৱা হৈছে।এনে সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ চৰ অঞ্চলৰ বানপীড়িতৰ কাষত উপস্থিত হয় নলবাৰী জিলা পৰিষদৰ (অধ্যক্ষ ) সভাপতি নিতুল ডেকা।লগতে বান পৰিস্থিতি পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ উপৰিও বানত আক্ৰান্তসকলৰ মাজত টিৰপাল বিতৰণ কৰে।ডেকাৰ পৰিদৰ্শন কালত সংগ দিয়ে বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি মোহন কলিতা আৰু দৌলশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধি,লগতে দলীয় কাৰ্যকৰ্তাসকলে।
- Log in to post comments
- 24 views