দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাৰ চটাইবাৰী আৰু বালিতাৰাত পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত বুধবাৰৰ দুপৰীয়াৰ ভাগত সাংসদ দিলীপ শইকীয়াই উক্ত অঞ্চল দুয়োটা পৰিভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়।সাংসদগৰাকীয়ে চটাইবাৰী আৰু বালিতাৰা পঞ্চায়তৰ অন্তৰ্গত বানৰ কৱলত পৰা অঞ্চলসমূহ পৰিভ্ৰমণ কৰি বানৰ ফলত হোৱা খহনীয়া পৰিদৰ্শন কৰে। লগতে,ধমধমা-ৰঙিয়া গড়কাপ্তানি পথটোৰ বানে ছিঙি পেলোৱাৰ পিছত বিভাগীয়ভাৱে নিৰ্মাণ কৰা বাঁহৰ দলংখনৰ লগতে ঠাইখন পৰিদৰ্শন কৰে।ইয়াৰ মাজতে এই বান তথা খহনীয়াৰ কবলত পৰা স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয় আৰু এই বিষয়টো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত তেওঁৰ তৰফৰ পৰা সঠিকভাৱে উত্থাপন কৰিব বুলি সম্পূৰ্ণ আশ্বাস দিয়ে।ইয়াৰ পিছতে সাংসদগৰাকীয়ে নলবাৰী-ধমধমা সংয়োগী গড়কাপ্তানি পথটোৰ বালিতাৰাত চেংনৈয়ে খহনীয়াৰ সৃষ্টি কৰা ঠাইখিনিও পৰিদৰ্শন কৰে।লগতে, সাংসদগৰাকীয়ে নলবাৰীৰ গড়কাপ্তানি বিভাগক পথছোৱাৰ বিধ্বস্ত ৰূপ শীঘ্ৰে।দূূূৰ কৰিবলৈ নিৰ্দেশ দিয়ে।সাংসদগৰাকীৰ এই পৰিদৰ্শন কালত সংগ দিয়ে নলবাৰীৰ বিধায়ক অশোক শৰ্মা,ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক মধুৰাম ডেকা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃমৃগাংক তালুকদাৰ,সম্পাদক দ্বীপেন কলিতা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সাধাৰণ সম্পাদক বিজয় বৰ্মন আদিয়ে।ইফালে,আবেলি সাংসদ দিলীপ শইকীয়াই ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়।
- Log in to post comments
- 25 views