বঙাইগাঁও জিলাত আংশিক 'লকডাউন' ঘোষণা

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও চহৰ অঞ্চলৰ কেইবাজনো লোক ক'ভিড-১৯ ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰু বঙাইগাঁও পৌৰসভা এলেকাত জনসাধাৰণৰ ভিৰ তথা যান-বাহনৰ চলাচলৰ যানজঁট কমাই ক'ভিড- ১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে মঙলবাৰে জিলাখনৰ সদৰ বঙাইগাঁও চহৰত আংশিক 'লকডাউন' ঘোষণাৰে এটা নতুন নিৰ্দেশনা জাৰি কৰিছে।

বঙাইগাঁও

জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি পহিলা জুলাইৰ পৰা বঙাইগাঁও চহৰ অঞ্চলত পুৱা ১০ বজাৰ পৰা আবেলি ৩ বজালৈ পাঁচ ঘণ্টাৰ বাবেহে সপ্তাহটোৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পাঁচদিন দোকান শ-পোহাৰ খোলা ৰাখিব পাৰিব।একেদৰে নিৰ্দেশনাটোত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীসকলে,বিক্ৰেতা আৰু ক্ৰেতাসকলে মাস্ক আৰু হেণ্ড গ্লোভ্চ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷ ইফালে,ৰাজ্য চৰকাৰে ক'ভিড-১৯ ৰোগ সংক্ৰমণ ৰোধৰ বাবে নগৰ আৰু চহৰ অঞ্চলত প্ৰতি শনি আৰু দেওবাৰে লকডাউন কাৰ্যসূচী বলৱৎ কৰাৰ পাছত বঙাইগাঁও জিলাত জিলা প্ৰশাসনে নতুন নিৰ্দেশনা জাৰি কৰাত লকডাউন কাৰ্যসূচী কঠোৰ হ'ব বুলি অনুমান কৰা হৈছে।

 

Your Comments