নিউজ ডেস্ক-
এগৰাকী কোভিড পজিটিভ মহিলাক লৈ বৰপেটা চহৰত আতংক৷ দুঘণ্টা ৰাজপথত ৰৈ থাকিল কোভিড পজিটিভ মহিলাগৰাকী৷ স্বাস্থ্য বিভাগে মহিলাগৰাকীক হাস্পতাললৈ নিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ পিছত এখন ই-ৰিক্সাৰে নি মহিলাগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে স্থানীয় লোকে৷ এই ঘটনাই বৰপেটাত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷জানিব পৰা মতে, বৰপেটা মেডিকেল কলেজ হাস্পতালৰ এগৰাকী চাফাই কৰ্মী মংগলবাৰে কোভিড পজিটিভ চিহ্নিত হয়৷ বৰপেটা চহৰত বজাৰ কৰি থকাৰ সময়তে মহিলাগৰাকী কোভিড পজিটিভ চিহ্নিত হোৱাৰ খবৰ লাভ কৰি মহিলাগৰাকীক কেন্দ্ৰ কৰি চহৰখনত সৃষ্টি হয় উদ্বেগজনক পৰিস্থিতিৰ৷এখন ই-ৰিক্সাৰে বৰপেটাৰ বজাৰৰ পৰা ঘৰলৈ গৈ থকা মহিলাগৰাকীক স্থানীয় লোকে ৰাজপথতে ৰখাই স্বাস্থ্য বিভাগক খবৰ দিয়ে যদিও স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত ই-ৰিক্সা চালকজনেই মহিলাগৰাকীক নি হাস্পতালত ভৰ্তি কৰায়৷ইপিনে, বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হোৱা মহিলাগৰাকীক এঘণ্টা ধৰি কোনো গুৰুত্ব প্ৰদান নকৰা বুলি ই-ৰিক্সা চালকজনে প্ৰকাশ কৰে৷ এগৰাকী কোভিড পজিটিভ ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে দেখুওৱা গা এৰা মনোভাৱক লৈ চহৰবাসীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।
- Log in to post comments
- 6 views