বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলাত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক'ৰ'নাৰ সংক্ৰমণ।আনকি, শেহতীয়াভাৱে এটাৰ পিচত আন এটা চৰকৰী বিভাগৰ কাৰ্যালয়তো ক'ৰ'নাৰ সংক্ৰমণ ঘটিছে।আক্ৰান্ত হৈছে চৰকাৰী বিষয়া-কৰ্মচাৰী।যাৰ বাবে এতিয়া জিলাখনৰ সৰ্বত্ৰে ক'ৰ'নাতংকই বিৰাজ কৰিছে।উল্লেখ্য যে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকী ক'ভিড- ১৯ ত আক্ৰান্ত হোৱাৰ পিচত এইবাৰ বঙাইগাঁওস্থিত আৰক্ষী উপ-মহাপৰিদৰ্শকৰ কাৰ্যালয়ৰ এজন কনিষ্টবলৰ দেহতো ক'ভিড- ১৯ পজিটিভ ধৰা পৰিছে।বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকৰ কাৰ্যালয়ত এই কনিষ্টবলজন কৰ্মৰত আছিল।জানিব পৰা মতে পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক ৰৌণাক আলী হাজৰিকাসহ কাৰ্যালয়টোত কৰ্মৰত ১২ জন কনিষ্টবলৰ ছোৱাব বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছিল।মঙলবাৰে প্ৰকাশ কৰা নমুনা পৰীক্ষাৰ ফলাফল মতে উক্ত কাৰ্যালয়ত কৰ্মৰত এজন কনিষ্টবলৰ দেহত ধৰা পৰে ক'ভিড ১৯ পজিটিভ।ক'ভিড ১৯ পজিটিভ আক্ৰান্ত কনিষ্টবলজনৰ ভ্ৰমণ ইতিবৃত্ত প্ৰকাশ কৰা নাই জিলা প্ৰশাসনে।সেইদৰে প্ৰকাশ কৰা নাই নাম-ঠিকনাও।উল্লেখ্য যে বঙাইগাঁও জিলাৰ অভয়াপুৰিস্থিত অষ্টম অসম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্টগৰাকীও কোভিড- ১৯ ত আক্ৰান্ত হৈছে।আনহাতে,জিলাখনৰ পাতিলাদহাৰ বাওবাৰীৰ এটি সদ্যজাত কন্যা শিশু আৰু মাতৃগৰাকীও ক'ভিড- ১৯ ত আক্ৰান্ত হৈছে।ইতিমধ্যে মাতৃ-কন্যাক চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ জিলাখনত মঙলবাৰৰ দিনটোলৈ মুঠ ৯০ গৰাকী ব্যক্তি ক'ভিড- ১৯ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰাত ঘৰলৈ উভতিছে।বৰ্তমান ২২ গৰাকী ৰোগী জিলাখনৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও //20
9435243911
- Log in to post comments
- 9 views