নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁৱত এজন ঠিকাদাৰক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ'ল দুজনকৈ অপহৰণকাৰী যুৱক।ধৃত যুৱক দুজন নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীৰ ছাইফুল মিঞা আৰু আমিৰ হুছেইন।আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে,নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শিয়ালমাৰীৰ দুই ড্ৰাগছ আসক্তই তাইনুল আৰু চামচুল নামৰ আন দুই ড্ৰাগছ আসক্তৰ লগ লাগি ঠিকাদাৰজনক অপহৰণৰ পৰিকল্পনা কৰে।পৰিকল্পনা অনুসৰি মৰিগাঁৱৰ কৰতিপামৰ মোজাম্মিল হক নামৰ ঠিকাদাৰজনক কৌশলৰে নগাঁৱলৈ মতাই আনি নগাঁৱৰ পৰাই অপহৰণ কৰিছিল। আনকি অপহৰণকাৰী দলটোৱে ঠিকাদাৰজনৰ মুক্তিপণৰ বিনিময়ত এক লাখ টকাও তেওঁৰ পৰিয়ালৰ লোকক ফোনযোগে দাবী কৰিছিল।পিছত,অপহৃত ঠিকাদাৰজনৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এখন এজাৰৰ দাখিল কৰে।এই এজাহাৰ মৰ্মে নগাঁও আৰক্ষীয়ে ১৫২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।পিছত বৃহস্পতিবাৰ নিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰী অঞ্চলৰ এটা ভিতৰুৱা অঞ্চলৰ কলঙৰ পাৰৰ পৰা অপহৃত ঠিকাদাৰজনক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী ছাইফুল মিঞা আৰু আমিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে।ইফালে,উক্ত ঘটনাটোৰ লগত জড়িত আন দুজনে পলায়ন কৰিবলৈ সক্ষম হয়।বৰ্তমানেও পলাতক অৱস্থাত থকা অন্যতম অপহৰণকাৰী তাইনুল আৰু চামচুলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments
- 24 views