ডবকাৰ প্ৰতিবেদক:
বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিলে নীলবাগানৰ নাইমা ফিৰদৌছ বৰভূঞাই।নগাঁৱৰ কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰী নাইমাৰ ঘৰ হোজাই জিলাৰ নীলবাকানত।২০১৮ বৰ্ষত মেট্ৰিক পৰীক্ষাত নাইমা ফিৰদৌচ বৰভূঞাই লাভ কৰিছিল ৰাজ্যৰ ভিতৰত দশম স্থান।তেতিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত নাইমাই চিকিৎসক হোৱাৰ সপোনৰ কথা কৈছিল।আজিও সেই একেই সপোনৰ কথা দোহাৰে।নাইমাৰ সেই সপোন পূৰণ হোৱাৰ পথত।বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজলি উঠিল হোজাই জিলাৰ নীলবাগানৰ ছাত্ৰীগৰাকী।নীলবাগানৰ বাসিন্দা তথা নগাওঁ কনচেপ্ট জুনিয়ৰ কলেজৰ বিজ্ঞান শাখাৰ ছাত্ৰী নাইমা ফিৰদৌছ বৰভূঞাই ৰাজ্যৰ ভিতৰত দ্বিতীয় শীৰ্ষস্থান লাভ কৰি সাফল্য কঢ়িয়াই আনে।ঘোষিত ফলাফল অনুসৰি নাইমাই মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৮২ নম্বৰ লাভ কৰি দ্বিতীয় শীৰ্ষ স্থান লাভ কৰে ৷ ছাত্ৰীগৰাকীৰ এই সাফল্যত তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনৰ লগতে জন্মস্থান নীলবাগানত এক উচাহৰ বন্যা বৈছে।নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰীগৰাকীয়ে ইংৰাজীত ৯১, অসমীয়াত ৯৮,পদাৰ্থ বিজ্ঞানত ৯৮,ৰসায়ন বিজ্ঞানত ৯৮,জীৱ বিজ্ঞানত ৯৭ নম্বৰ লাভ কৰে।ঐচ্ছিক বিষয় ৰূপে থকা গণিতত ছাত্ৰীগৰাকীয়ে ৬৫ নম্বৰ লাভ কৰে।নাইমাৰ এই সাফল্যত উৎসৱমুখৰ হৈ পৰিছে নীলবাগান অঞ্চল।ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে নীলবাগানৰ নাইমা ফিৰদৌচ বৰভূঞাই ২০১৮ বৰ্ষত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰিছিল ৷ ছাত্ৰীগৰাকীয়ে মেট্ৰিক পৰীক্ষাত অসমীয়াত ৯২,ইংৰাজীত ৯৮,সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ৯৮ আৰু ভূগোলত ৯৬ নম্বৰ সহ মুঠ ৫৮৪ নম্বৰ লাভ কৰি এই সাফল্য কঢ়িয়াই আনিছিল ৷ ইছলাম নগৰ হাইস্কুলৰ বিষয় শিক্ষক এনাম উদ্দিন বৰভূঞা আৰু নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হবিবা বেগমৰ কন্যা নাইমা ফিৰদৌছ বৰভূঞাই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা এই সাফল্যই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে ছাত্ৰীগৰাকীৰ শিক্ষক-শিক্ষয়িত্ৰী,পিতৃ-মাতৃৰ লগতে নীলবাগান অঞ্চলবাসীক।ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখিছে।
- Log in to post comments
- 34 views