মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত বিধ্বস্ত কাঠৰ দলঙেৰে যাতায়াত

মন্ত্ৰী ৰিহণ দৈমাৰীৰ গৃহ সমষ্টিত বিধ্বস্ত কাঠৰ দলঙেৰে যাতায়াত

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ তিনিবাৰকৈ আসন অলংকৃত কৰা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰীৰ সমষ্টিৰ হৰিশিঙাৰ পৰা কোচপাৰা-আম্বাগাঁও সংযোগী বিখাইটি নদীৰ ওপৰত বিধ্বস্ত কাঠৰ দলঙেই যাতায়াতৰ একমাত্ৰ ভৰসা ।

আনহাতে, বিটিচি পৰিষদীয় সমষ্টি হৰিশিঙাৰ এম চি এল এগৰাকী বৰ্তমান বিটিচিৰ অধ‍্যক্ষ পদত থকাৰ পিছতো স্থায়ীভাৱে পকী দলং এখন নিৰ্মাণৰ কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজে ত্ৰাহি মধুসুদন সুঁৱৰিবলগীয়াত পৰিছে ।

ইফালে হৰিশিঙা সমষ্টিৰ প্ৰাক্তন এম চি এল এ তথা বৰ্তমানৰ বিজেপি দলৰ জিলা সভাপতিৰ পদত থকা কাৰ্ত্তিক চন্দ্ৰ বড়োৰ গৃহলৈ যোৱা এই পথৰ ওপৰৰ জৰাজীৰ্ণ দলঙে উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াহে প্ৰতিফলিত হৈছে ।

জানিব পৰামতে, ২০১৪ চনতে তদানীন্তন এম চি এল এ কাৰ্ত্তিক চন্দ্ৰ বড়োৱে কাঠৰ দলংখন মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰিছিল যদিও বৰ্তমান দলংখন যাতয়াতৰ ক্ষেত্ৰত অনুপযোগী হৈ পৰিছে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি দলংখনৰ খুঁটাসমূহ দুৰ্বল হৈ পৰাত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে । শীঘ্ৰে দলংখন পকীকৰণ কৰি যাতায়াতৰ বাবে সুচল কৰিবলৈ চৰকাৰখনক দাবী জনাইছে ।
 

Your Comments