সঘনাই ইৰানী গ্ৰুপ, চিলা গ্ৰুপৰ দ্বাৰা ধনলুটৰ ঘটনা সংঘটিত হৈ থকাৰ লগতে মানৱ দেহ সৰবাহৰ ঘাটি হিচাপে পৰিণত হৈছে ৰঙিয়া । আজি ৰঙিয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়া খনীন্দ্ৰ চন্দ্ৰ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই ৰঙিয়া ষ্টেচন অঞ্চলৰ পৰা মানৱ সৰবৰাহকাৰীৰ চক্ৰ এটা উৎখাত কৰিবলৈ সক্ষম হয় ।
কামৰ প্ৰলোভনেৰে বহি:ৰাজ্যলৈ নিয়াৰ সময়ত লক্ষীমপুৰ, হোজাই, শিলচৰ, গোলাঘাট, বিশ্বনাথ চাৰিআলি, ৰঙাপৰা আদি জিলাৰ পৰা অহা ৮জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
অভিযানকাৰী আৰক্ষী দলটোৱে ষ্টেচনৰ মকিব আলী নামৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই পাঠশালাৰ দ্বীপজ্যেতি দাস আৰু মঙলদৈৰ মৃদুল ডেকা নামৰ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
সৰবৰাহকাৰী চক্ৰটোৰ আন সদস্যৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
- Log in to post comments
- 90 views