মৃণাল ডেকা,শুৱালকুছি:
সাম্প্ৰতিক 'লকডাউন'ত দিন হাজিৰা কৰি জীৱিকা উপাৰ্জন কৰা ৰাইজৰ মাজত তীব্ৰ খাদ্যৰ সংকটে দেখা দিছে।এহাতে ক'ৰ'না আতংক,আনহাতে খাদ্যৰ সংকটত পৰি শ্ৰমজীৱী লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।এনে সময়তে শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ গোসাঁই চূপা নিবাসী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী স্বাস্থ্য কৰ্মী সতীশ দাসে মহানুভৱতাৰ পৰিচয় দি চতুৰ্থ লকডাউনৰ সময়তো আৰ্থিক সংকটত পৰা শ্ৰমজীৱী পৰিয়াললৈ সামৰ্থ্য অনুযায়ী আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াইছে।সতীশ দাসে বংশৰ,আমবাৰী , বংশৰ বেলৰ তল আদি অঞ্চলৰ প্ৰায় ৩৫ ঘৰ শ্ৰমজীৱী,বিধৱা মহিলা তথা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰে।এককভাৱে আগবঢ়োৱা এই সামন্য আৰ্থিক সাহায্যই পৰিয়ালকেইটাক কিঞ্চিত হ'লেও সকাহ দিব বুলি দাাস আশাবাদী।দাসৰ মহানুভৱতাৰ অঞ্চলবাসী ৰাইজে শলাগ লৈছে।
- Log in to post comments
- 24 views