প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাতিৰৰ পুত্ৰ তথা এ চি এছ বিষয়া কাৰ্পুন পাতিৰে নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছে ৷ উল্লেখ্য যে কাৰ্পুন পাতিৰ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া হিচাপে নিযুক্ত আছিল ৷
নিজৰ মাকৰ অসুস্থতাৰ বাবে কাৰ্পুন পাতিৰে পদত্যাগ কৰা বুলি পদত্যাগ-পত্ৰত উল্লেখ কৰিছে ৷ উল্লেখ্য যে যোৱা ১৮ আগষ্টতে পাতিৰে জিলা উপায়ুক্ত কাৰ্যালয়ত পদত্যাগ-পত্ৰ দাখিল কৰিছিল ৷
উপায়ুক্ত দিলীপ কুমাৰ দাসৰ অনুপস্থিতিত নিৰ্বাচনী বিষয়াগৰাকীয়ে উপায়ুক্তৰ ব্যক্তিগত সচিবৰ হাতত পদত্যাগ-পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে । এই সম্পৰ্কে আজি জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷
মাকৰ ডায়েবেটিছ বেমাৰ বেছি হোৱা বাবে মাকক চোৱা-চিতা কৰাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়াৰ দায়িত্বত নিয়োজিত হৈ থাকিবলৈ অপাৰগ বুলি পদত্যাগ-পত্ৰত উল্লেখ কৰাৰ কথা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷
- Log in to post comments
- 15 views