ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:
যিসময়ত ৰাজ্যখনত ক'ভিড -১৯ পজিটিভ ৰোগীৰ সংখ্য ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে,ঠিক তেনে সময়তে নলবাৰী জিলা ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা তথা স্বাস্থ্যকৰ্মীসকলে বতাহ-বৰষুণকো নেওঁচি ১০৩ খন গাঁৱৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে।উল্লেখ্য যে ক'ভিড-১৯ ৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসম আৰু অসম চৰকাৰৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো যোৱা ৭ মে'ৰ পৰা আৰম্ভ কৰে ঘৰে -ঘৰে স্বাস্থ্য পৰীক্ষা।ইতিমধ্যে,ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্ব্য কেন্দ্ৰৰ অন্তৰ্গত ১০৩ গাঁওত ১,১৪,০৮৪ গৰাকীৰ স্বাস্থ্য পৰীক্ষা অব্যাহত আছে। এই পৰিপ্ৰেক্ষিতত সোমবাৰে (দলুৱা) কঞাকুছি উপস্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্ভুক্ত দলুৱা গাঁৱত বতাহ বৰষুণক নেওঁচি তথা নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়া ডাঃ দিলীপ কলিতাৰ নেতৃত্বত স্বাস্থ্য কেন্দ্ৰটোৰ এ এন এম অনুপমা বৈশ্য , অনিমা দাস, গীতুমনি দেবী, মীনা মেধি, ববিতা বৰ্মন, আশা চুপাৰভাইজৰ ধৰিত্ৰী ডেকা, আশা কৰ্মী পদুমী বৈশ্য, স্বাস্থ্য কৰ্মী ৰমেন মালাকৰ , অতুল দাস আৰু এম পি ডব্লিউ মীৰ হুছেইন আদি অঞ্চলটোৰ ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা কৰে। উল্লেখ্য্য যে বিগত ১৪ দিন ধৰি দুৰ্গম পথ অতিক্ৰম কৰি প্ৰচণ্ড গৰমক নেওচি ঘৰে ঘৰে গৈ সকলোৰে স্বাস্থ্য পৰীক্ষা চলাই আছে বুলি ডা: দিলীপ কলিতাই জানিবলৈ দিয়ে। আজি আকৌ প্ৰতিকুল বতৰকো নেওচি নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি মাৰাত্মক ক'ভিড--১৯ ৰ উপৰিও কেইটামান বিশেষ বেমাৰ যেনে- মেলেৰীয়া,জাপানী এনকেফেলাইটিছ,ডেংগু ৰোগ সন্দৰ্ভত নিৰ্দ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰাৰ বাবে নমুনা সংগ্ৰহ কৰি কৰে বুলি ডা: কলিতাই সদৰী কৰে।লগতে,ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক ডাঃ দিলীপ কলিতাই সংবাদিক জানিবলৈ দিয়া মতে প্ৰতিখন গাঁঁৱৰ প্ৰতিটো চুবুৰীৰ প্ৰতিজন মানুহৰ স্বাস্থ্য পৰীক্ষা কৰি কোনো ব্যক্তিৰ জ্বৰ-কাহ,চৰ্দি,ইনফ্লুৱেঞ্জা আদিৰ নিচিনা কোনো ধৰণৰ বেমাৰৰ লক্ষণ দেখা দিলে নতুবা কাৰোবাৰ শৰীৰত ক'ভিড- ১৯ ৰ কিবা লক্ষণ দেখা পালেই লেবৰেটৰী টেকনিচিয়ান সহায়ত ৰোগীজনৰ দেহৰ নমুনা সংগ্ৰহ কৰি বিশেষ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব।উল্লেখ্য যে বিগত ১৫ দিনৰ বিভিন্ন গাওঁত বিভিন্ন লোকৰ মাজত পৰীক্ষাৰ কৰি সন্দেহজনক ২৭৯ গৰাকীক হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ প্ৰদান কৰে।অৱশ্যে, ২০৯ জনে ১৪ দিন অতিক্ৰম কৰা বুলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বি পি এম বিশ্বজিৎ গোস্বামীয়ে জানিবলৈ দিয়ে।ইতিমধ্যে,ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্ব্য কেন্দ্ৰৰ অন্তৰ্গত ১১ টা উপস্বাস্থ্য কেন্দ্ৰত ১১ টা দলে বিভিন্ন গাঁঁৱত ঘৰে ঘৰে গৈ প্ৰতিজন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি আহিছে।ইফালে গাঁঁৱে গাঁঁৱে স্বাস্থ্য পৰীক্ষা চলাই থকা চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলক সকলো শ্ৰেণীৰ ৰাইজে সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে।
- Log in to post comments
- 53 views