হাজোৰ পৰা কমলাকান্ত দাস:
হাজো আৰক্ষী থানাৰ অন্তৰ্গত ৩নং মনাহকুছিত এগৰাকী পাচলি ব্যৱসায়ীক চাৰিজন লোকে মৰিয়াই মৰিয়াই হত্যা কৰাৰ এটা ঘটনাৰ বাবে।অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে।হত্যাৰ বলি হোৱা পাচলি ব্যৱসায়ীজন হ'ল হাজো থানাৰ অন্তৰ্গত তেতেলীয়া গাঁঁৱৰ নগেন ডেকাৰ পুত্ৰ সনাতন ডেকা(৪৫) আৰু এই হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিকেইজন হল হাজো থানাৰ অন্তৰ্গত বৰম্বৈৰ ফাইজুল হক(দালি),ইউচুপ উদ্দিন আহমেদ,খবিৰুদ্দিন আহমেদ আৰু আব্দুল জলিল।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,যোৱা ২২মে'ত সনাতন দাস নামৰ পাচলি ব্যাৱসায়ীজনে পাচলি বিক্ৰী কৰি বৰম্বৈৰ দিশৰ পৰা মনাহকুছি অভিমুখে আহি থকা অবস্থাত ৩নং মনাহকুছি নদীপাৰত বৰম্বৈৰ আব্দুল জলিল নামৰ লোকজনৰ মটৰবাইকখনৰ লগত সনাতনৰ চাইকেলৰ সাধাৰণভাৱে দুুর্ঘটনা হয়।ইয়াকে লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয় যদিও পিছত আব্দুল জলিলে বৰম্বৈত খবৰ দিয়াত ফাইজুল হক আৰু ইউচুপউদ্দিনে এখন স্কুটীৰে আহি সেই স্থানত উপস্থিত হয় আৰু কোনো সোধ -পোছ নকৰাকৈ চাৰিও জনে মিলি উপৰ্যুপৰি প্ৰহাৰ কৰে।তেওঁঁলোকৰ প্ৰহাৰত পথতে ঢলি পৰা সনাতনক সিহঁতৰ মাজৰে কোনোবা এজনে ৰাস্তাৰে গৈ থকা এখন মাৰুতি ৰখাই আমিনগাঁঁও নাৰায়ণা হাস্পতালত ভৰ্তি কৰে। মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পোৱা সনাতন ডেকাই অৱশেষত শনিবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।ইফালে,দেওবাৰে বিয়লি সনাতনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহ আহি পোৱাৰ লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।একাংশ লোকে সনাতনৰ নশ্বৰ দেহৰ হত্যাকাৰী ফাইজুলৰ গৃহত শেষকৃত্য সম্পন্ন কৰিব বিছাৰে যদিও আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হয়।পিছত,স্থানীয় শ্মাশনত শেষকৃত্য সম্পন্ন কৰে।মৃত্যুৰ সময়ত সনাতন ডেকাই পত্নীসহ পিতৃ-মাতৃ,ভাই-ককাইক ইহ-সংসাৰত এৰি থৈ যায়।ইফালে সনাতন ডেকাৰ নশ্বৰদেহ বিয়লি নিজ গৃহ আহি পোৱাৰ লগে লগে বিভিন্ন ব্যক্তি,দল-সংগঠনৰ প্ৰতিনিধি তেওঁঁৰ বাসগৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে দোষীক চিনাক্ত কৰি দৃষ্টান্তমৃলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাই।তদুপৰি,দমদমা আঞ্চলিক ছাত্ৰ সন্থা,গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদেও দোষীৰ শাস্তিৰ দাবীত দেওবাৰে সন্ধিয়া হাজো থানাত পৃথকে-পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।আনহাতে,এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪৮০/২০ আই পি চি ১২০(বি)৩০২ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই।
- Log in to post comments
- 18 views