নৰেন শৰ্মা,বাহাৰঘাট:
ৰাজ্যজুৰি 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি'ৰ নামত চলা ব্যাপক দুৰ্নীতিত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুৰ্নীতিৰ ক্ষেত্ৰত 'শূন্য সহনশীল' নীতিক একাংশই ধোঁৱা চাঙত তোলাৰ সময়তে চৰকাৰে কৃষকক দিয়া ধানৰ বীজত ধান নোলোৱাক লৈ কৃষকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইতিমধ্যে ধান কটাৰ সময়লৈকে চৰকাৰে দিয়া ধানৰ বীজত ধান নোলোৱাত কৃষকসকলে মূৰে-কপালে হাত দিব লগা হৈছে।অভিযোগ মতে নলবাৰী জিলাৰ কমাৰকুছি কৃষি চক্ৰৰ অন্তৰ্গত আৰংগমৌ গাঁৱৰ একাংশ কৃষকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পঞ্চায়তৰ জড়িয়তে(যি বীজ গ্ৰাম সেৱকে দিব লাগিছিল)প্ৰতিজন কৃষকে ২ কেজিকৈ ধানৰ বীজৰ পেকেট এটাকৈ আৰু ৬ জন কৃষকৰ মাজত ৩০ কেজি ধানৰ বীজৰ এটাকৈ বস্তা লাভ কৰিছিল। কৃষকসকলে ধান সিঁচি কঠিয়াও ৰুলে।দুৰ্ভাগ্যজনক কথা আজিলৈ ধানৰ চোপত ফল নধৰিল,যি ফল মে' মাহৰ প্ৰথম সপ্তাহতে ওলাব লাগিছিল।আনহাতে,কৃষকসকলে গাঁঠিৰ ধন ভাগি পিছত কিনি অনা ধানৰ বীজত ফল ওলোৱাৰ কথা ব্যক্ত কৰে।গাঁওখনৰ কৃষক সত্যজিৎ কলিতা, ৰঞ্জিৎ কলিতা,তপন কলিতা,প্ৰবোধ কলিতাই জনোৱামতে তেওঁঁলোকে প্ৰায় ১০ বিঘা মাটিত চৰকাৰে দিয়া ধানৰ বীজ ৰোপণ কৰিছিল। ট্ৰেক্টৰৰ ভাড়া,ৰোৱনীৰ খৰছ আদিকে ধৰি প্ৰায় ২০ হাজাৰ টকা লোকচানৰ সন্মুখীন হ'ব লগা হয় তেওঁলোক।তেওঁলোকে অভিযোগ কৰা মতে দেশত লকডাউন চলি থকা বাবেও খেতিপথাৰত ঔষধ,সাৰ,পানী সময়মতে যোগান ধৰিব পৰা নাছিল।আনহাতে,সম্প্ৰতি কৃষকে ধান কটাৰ সময়তে নেৰানেপেৰা বৰষুণৰ কৃত্ৰিম বানপানীয়ে কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।অকল কৃষিৰ ওপৰতে নিৰ্ভৰশীল পৰিয়ালবোৰৰ মাজত এতিয়া আগন্তুক খাদ্য নাটনিয়ে আতংকৰ সৃষ্টি কৰিছে।আন এক অভিযোগ মতে অকল ফল নধৰা ধানৰ বীজ দিয়ে দায়িত্ব সাৰিছে বিভাগে।ইয়াত বাদে পঞ্চায়তে প্ৰদান কৰা সৰিয়হ,মচুৰ আদি একো নাপালে কৃষকসকলে।কৃষকসকলে সমস্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 7 views