হাজোৰ পৰা কমলাকান্ত দাস:
মথাউৰি নিৰ্মাণ কালৰে পৰা কোনোদিনে এচপৰা মাটিও নপৰা হাজো বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা পুঠিমাৰী নদীৰ দুয়োপাৰৰ মথাউৰি দুচোৱা এই বেলি পুনৰ নিৰ্মাণৰ আৱন্টন পালে যদিও জলসম্পদ বিভাগৰ হাজো উপ-সংমণ্ডলৰ বিষয়া আৰু আৱন্টন লাভ কৰা ঠিকাদাৰৰ চূড়ান্ত হেমাহিত সৰ্বসাধাৰণ ৰাইজে যমৰ যাতনা ভুগিব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।উল্লেখযোগ্য যে যোৱা বৰ্ষত আঠগাঁঁও, সোণাপুৰ আৰু কচুৱাৰবড়ীত তিনিটাকৈ স্থানত পুঠিমাৰী নদীয়ে মথাউৰি ছিগি সমগ্ৰ হাজো সমষ্টি বুৰাই পেলাইছিল আৰু সমগ্ৰ হাজোবাসী ৰাইজে দুৰ্বিসহ জীৱন কটাব লগীয়াত পৰিছিল।তাৰেই পৰিপ্ৰেক্ষিতত এইবেলি নৈখনৰ দুয়োপাৰৰ জৰাজীৰ্ণ মথাউৰি দুচোৱা পুনৰ নিৰ্মাণৰ আৱন্টন লাভ কৰে।সেই মৰ্মে ঠিকাদাৰৰ দ্বাৰা মথাউৰি দুচোৱা পুনৰ নিৰ্মাণৰ কাম যোৱা মাৰ্চ মাহত আৰম্ভ কৰে।সম্প্ৰতি অঞ্চল বিশেষে পঁচিশ শতাংশ কামো আগনবঢ়াৰ অভিযোগ উঠিছে । তেনে সময়ত আকৌ একাংশ অঞ্চলত কিছু পৰিমাণৰ মাটি পেলাইছে যদিও ৰ'লাৰ আৰু ড্ৰেছিং নকৰাৰ ফল ভুগিব লগীয়াত পৰিছে সৰ্বসাধাৰণ ৰাইজে।কিয়নো বিগত দিনকেইটাত হৈ থকা মুষলাধাৰ বৰষুণৰ ফলত একাংশ লোকৰ একমাত্ৰ যাতায়তৰ পথ মথাউৰিটোৰ অৱস্থা কদৰ্যময় হৈ পৰিছে।বিশেষকৈ কঞাজেনী,১ নং বাগটা আৰু বৰম্বৈ লখাইতৰা চুবুৰীৰ জনসাধাৰণ ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে।এই অঞ্চলৰ জনসাধাৰণে বজাৰ-সমাৰ কৰাৰ পৰা বহি:স্থানৰ সৈতে যাতায়ত- যোগাযোগ কৰিবলৈ বৰম্বৈ বজাৰ চ'কলৈ যাবলৈ হ'লে পিন্ধনৰ কাপোৰ কোচাই জোতা-চেণ্ডেল হাতত লৈ খুপি-খুপিহে যাব লাগিব অন্যথা বাসগৃহতে সোমাই থাকিব লাগিব।যাতায়তৰ ক্ষেত্ৰত দুৰ্বিসহ জীৱন কটাব লগীয়া হোৱা ৰাইজে এনে অৱস্থাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।
- Log in to post comments
- 32 views