অসমৰ সম্পদৰাজি বিক্ৰীৰ সিদ্ধান্তৰ যুৱ-ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ বিৰোধিতা:মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

অসমৰ সম্পদৰাজি বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে চামগুৰি ৰাজহ চক্ৰ বিষয়া বন্তি তালুকদাৰৰ জড়িয়তে  ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।জাতি-মাটি-ভেটিৰ কথা কৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তক  কেতিয়াও মানি লোৱা নহ‘ব বুলি উল্লেখ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে চন্দন ফুকন আৰু দিব্যজিৎ হাজৰিকাই কয় যে ক'ৰ'না ভাইৰাছৰ মহামাৰীৰ পৰা উদ্ধাৰৰ বাবে সমগ্ৰ দেশত লকডাউন চলি থকাৰ মাজতেই কেন্দ্ৰীয় চৰকাৰখনে ৰাইজৰ অজ্ঞাতেই কিছুমান হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷উত্তৰ -পূব ভাৰতৰ জৈৱ-বৈচিত্ৰৰে ভৰা দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খনন প্ৰক্ৰিয়াৰ যি সিদ্ধান্ত লৈছে,তাৰ  তীব্ৰ বিৰোধিতা কৰি হাতী সংৰক্ষণ কৰা উক্ত অভয়াৰণ্যখনত খনন কাৰ্য্য নকৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে আহ্বান জনায়।লগতে,  প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি জনজীৱন তথা জীৱকুলৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই নানিবলৈ দাবী উত্থাপন কৰে।আনহাতে, অসমৰ ৰাইজৰ আৱেগ জড়িত হৈ থকা অসমৰ তৈল ক্ষেত্ৰ,ৰাজহুৱা উদ্যোগসমূহ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্তৰো সংগঠনটোৱে  বিৰোধিতা কৰে।অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পুৰণিগুদাম  আঞ্চলিক সমিতিয়ে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি অনতিপলমে চৰকাৰৰ এনে দেশ বিৰোধী,জনস্বার্থবিৰোধী সিদ্ধান্তসমূহ বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰে ।অন্যথা অনাগত দিনত সংগঠনটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি জানিবলৈ দিয়ে ৷

Your Comments