বৰভাগৰ পৰা সঞ্জয় দাস:
অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনীল ডেকা তথা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি,নলবাৰী মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ প্ৰাক্তন সম্পাদক,যুৱনেতা দিলীপ কুমাৰ দাসৰ উপস্থিতিত ২২ মে'ত নলবাৰী জিলা অগপ কাৰ্যালয়ত দেশপ্ৰাণ প্ৰয়াত নগেন শৰ্মা ভৱনত নলবাৰীৰ বিভিন্ন অঞ্চলৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত খাদ্য সামগ্ৰী, মাস্ক আদি বিতৰণ কৰাৰ উপৰিও ক'ৰ'নাৰ বিৰূদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ১০ হাজাৰ গোহাৰিপত্ৰ বিতৰণৰ শুভাৰম্ভণি কৰে।এই বিশেষ কাৰ্যসূচীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অৰ্ণৱ ভৰালী,দীপক ৰাজবংশীৰ লগতে নলবাৰী জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে। উল্লেখ্য যে দিলীপ কুমাৰ দাসৰ উদ্যোগত আৰু নলবাৰী যুৱ পৰিষদৰ সহযোগত এই সংকটৰ সময়ত নলবাৰী সদৰ সমষ্টিৰ চুুুকে-কোণে।গৈ প্ৰায় ৪০০০ৰৰোধিক লোকক এইদৰে সহায় আগবঢ়াই আহিছে।দেশৰ লগতে অসমৰ এই সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়া যুৱ নেতা দিলীপ কুমাৰ দাসৰ মহান প্ৰচেষ্টাৰ বিভিন্ন মহলে প্ৰশংসা কৰিছে।
- Log in to post comments
- 18 views