একবিংশ শতিকাতো উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা ওদালগুৰি আৰু কলাইগাঁও বিধানসভা সমষ্টি সংযোগী কাৱাদাংগা নৈৰ ওপৰত আজি পৰ্যন্ত যাতায়াতৰ বাবে নিৰ্মাণ নহল দলং ।
সেয়েহে পূজা-অৰ্চনাৰে জল দেৱতাক সন্তুষ্ট কৰি যাতায়াতৰ বাবে বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ । জানিব পৰামতে, ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ, কবিৰালী আঞ্চলিক সমিতিৰ তত্বাৱধানত স্থানীয় ৰাইজ ওলাই আহিছে এই কামৰ বাবে ৷
ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবিনেট মন্ত্ৰী তথা ওদালগুৰি সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰীয়ে ৰাইজক সন্তুষ্ট কৰিবলৈ বাঁহৰ দলং নিৰ্মাণৰ বাবে সামান্য আৰ্থিক অনুদান প্ৰদান কৰি সেই স্থানত এখন পকী দলং নিৰ্মাণত প্ৰদৰ্শন কৰা উদাসীনতাক প্ৰতিপন্ন কৰি তুলিছে বুলি ৰাইজে মন্তব্য কৰে ৷
- Log in to post comments
- 34 views