মঙলদৈৰ পৰা উজ্জ্বলজ্যোতি ডেকা:
'লকডাউন'ৰ পৰিপেক্ষিতত সমগ্ৰ দেশতেই স্থবিৰতা !দেশৰ শ্ৰমজীৱী জনসাধাৰণৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত আহি পৰিছে কৰ্মহীনতা ৷ ইয়াৰ সমান্তৰালভাৱে দৰং জিলাৰ চুলি কটা নাপিতসকলৰ কৰ্মহীনতাই তেওঁলোকৰ জীৱন-জীৱিকাত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে৷লকডাউনৰ বাবে চেলুনসমূহ বন্ধ হৈ পৰাত নিজৰ লগতে পৰিয়াল পোহপালৰ ক্ষেত্ৰত আহি পৰিছে বিপৰ্যয়।তেনে সময়তে বুধবাৰে
মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে আৰেং বালিচুক সভাগৃহত ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা সমিতিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত দৰং জিলাৰ প্ৰায় তিনিশ নাপিতক চাউল,দাইল, মিঠাতেল,আলু,গাখীৰ ইত্যাদি অত্যাৱশকীয় খাদ্য সামগ্ৰী যোগান ধৰি লকডাউনৰ সময়চোৱাত কিছু সাহায্য প্ৰদান কৰে।সাহায্য প্ৰদান অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাসৰ লগতে উপস্থিত থাকে মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈকে ধৰি একাংশ বিশিষ্ট ব্যক্তি।
- Log in to post comments
- 5 views