নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলাৰ আঠঘৰীয়াত এহাল নি:সন্তান দম্পতিৰ জীৱন-গাঁঁথা।জহি -খহি যোৱা ঘৰতে জীৱন সংগ্ৰাম চলাইছে এই দম্পতিহালে।সাধাৰণ এখন পাণ-তামোলৰ দোকান দি কোনোমতে পৰিয়ালটো চলি আহিছিল যদিও পত্নী ৰেণু দেৱী স্নায়ু ৰোগত আক্ৰান্ত হোৱাত ঘৰখনলৈ নামি আহে কাল -ধুমুহা।পত্নীৰ চিকিৎসাৰ বাবে সা-সম্পত্তি বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈ পৰিছে প্ৰফুল্ল শৰ্মা নামৰ ব্যক্তিজন।উল্লেখ্য যে চৰকাৰী কোনো অভিলাষী আঁঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক।এক অবৰ্ণনীয় পৰিৱেশৰ মাজত থকা পৰিয়ালটোৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যেৰে পৰিয়ালটোৰ কাষত উপস্থিত হয় নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটি দল।পৰিয়ালটোৰ ক্ষেত্ৰত অতি শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে।
- Log in to post comments
- 13 views