জালুকবাৰী সমষ্টিৰ কিছমৎ বংশৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ কৰুণ জীৱনগাঁঁথা:জৰাজীৰ্ণ গৃহত দুৰ্বিষহ জীৱন তিনি সদস্যৰ

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ১ নং কিছমৎ বংশৰত এটি দৰিদ্ৰ পৰিয়ালৰ তিনিগৰাকী সদস্যৰ কৰুণ জীৱনগাঁঁথাই সকলোকে ভবাই তুলিছে।শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত গুৱাহাটী চহৰৰ নাতিদূৰৈত অৱস্থিত ১ নং কিছমৎ বংশৰ গাঁঁৱৰ মাজত এটি জৰাজীৰ্ণ গৃহত দুৰ্বিষহ জীৱন কটাইছে মহেশ মালাকাৰৰ পৰিয়ালটিয়ে।মহেশ মালাকাৰ আৰু পত্নী দুয়োৱে চকুৰে কমকৈ দেখে।একমাত্ৰ পুত্ৰ আৰু কন্যাৰ সহিতে মহেশ মালাকাৰৰ  এখন ভৰা সংসাৰ।ঘৰৰ ভেটিটোৰ বাহিৰে আন সা-সম্পত্তি নথকা হেতুকে ডেকা বয়সত মহেশ মালাকাৰে ইঘৰ-সিঘৰত মাটি কাটি,ঠেলা চলাই পৰিয়ালটোক কোনোমতে ভৰণ-পোষণ দিছিল।বয়স হোৱাৰ লগে লগে কাম পৰিব নোৱাৰা হোৱাত মহেশৰ একমাত্ৰ পুত্ৰ মাধৱ মালাকাৰে  কাম বিচাৰি চহৰলৈ গুছি যায়।পিতৃ মহেশ মালাকাৰে জনোৱা মতে পুত্ৰই গুৱাহাটীত হোটেলত বনকৰা ল’ৰা হিচাপে কাম কৰি আছিল।মাজতে  এবাৰ ঘৰলৈ আহি পিতৃক কিছু ধন দি পুনৰ গুৱাহাটীলৈ ওলাই যোৱাৰ পৰা আজিলৈকে প্ৰায় আঠ বছৰে ঘৰলৈ উভতি অহা নাই।বিচাৰি যাবলৈও তেওঁঁ শাৰীৰিকভাৱে সক্ষম নহয়।পুত্ৰ মাধৱৰ অনুপস্থিতিত পিতৃ -মাতৃ -ভনীয়েকৰ উপাৰ্জনৰ পথ নথকাত সুলভ মূল্যৰ চাউলকেইটাকে সাৰথি কৰি জীয়াই আছে পৰিয়ালটো৷আনহাতে,ছোৱালীজনীও জ্ঞান-বুদ্ধিহীন হোৱাত পৰিয়ালটোৰ মাজত দুৰ্যোগ নামি আহে।গাঁঁৱৰ সুহৃদয়বান লোকে মাজে-সময়ে পৰিয়ালটিক  সহায়-সহযোগ আগবাঢ়াই আহিছে যদিও অসম গণ পৰিষদৰ দিনতে লাভ কৰা গৃহটোৰ টিনপাত ফুটি  যোৱাত দুৰ্বিষহ জীৱন কটাব লগা হৈছে পৰিয়ালটিৰ তিনিগৰাকী সদস্যই।উল্লেখ যে তলাবন্ধৰ সময়তে এই দৰিদ্ৰ পৰিয়ালটিক কিছু লোকে সহায় সহযোগ আগবঢ়োৱাৰ লগতে স্থানীয় যুৱক মৃদুল কলিতাই প্ৰায়েই পৰিয়ালটিক কিছু সহায় কৰি  অহা বুলি ব্যক্ত কৰে।এই দৰিদ্ৰ পৰিয়ালটিক উপযুক্ত চৰকাৰী সাহায্য দিবলৈ ৰাইজে আহ্বান জনাইছে৷
 

Your Comments