মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
'লকডাউন' চলি থকাৰ সময়তে একাংশ লোকে চলাই অহা চুলাই মদৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মৰিগাঁও আবকাৰী বিভাগ।ইয়াৰ মাজতে ১৫ মে'ত মৰিগাঁও আবকাৰী বিভাগৰ অধীক্ষক মুছাৰব হুছেইনৰ নেতৃত্বত সন্ধিয়া মৰিগাঁও সদৰ থানাৰ আৰক্ষী আৰু চিআৰপিএফ জোৱানৰ সহযোগত মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত চৰবড়ী নিগম আৰু ঔজাৰীত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়।এই অভিযান কালত ৪ কুইন্টল চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰীৰ লগতে দুশটাতকৈও অধিক বাখৰ নষ্ট কৰিবলৈ সক্ষম হয়।অভিযানত কোনো লোককে আটক কৰা নাই বুলি জনা গৈছে।
- Log in to post comments
- 20 views